অসম

assam

তামিলনাডুত আৰম্ভ হ’ল জালিকাটু

By

Published : Jan 14, 2021, 1:06 PM IST

অবনিপুৰমত প্ৰতিযোগিতাখন চাবলৈ ক’ভিড-19 ৰ নিয়ম মানি মাস্ক পৰিধান কৰি জনসাধাৰণক ওলাই অহা দেখা গ’ল ৷ তামিলনাডু চৰকাৰে ক’ভিড-19 ৰ নিয়মৰ মাজেৰে প্ৰতিযোগিতা খন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷

তামিলনাডুত আৰম্ভ হ’ল জালিকাটু
তামিলনাডুত আৰম্ভ হ’ল জালিকাটু

নিউজ ডেস্ক,14 জানুৱাৰীঃ ক’ভিড-19 মহামাৰীৰ মাজতে বৃহস্পতিবাৰে অবনিপুৰমৰ মাদুৰাইত পৰম্পৰাগত ভাবে চলি অহা ষাঁড় গৰুৰ যুঁজ জালিকাটু অনুষ্ঠিত হয় ৷ অবনিপুৰমত প্ৰতিযোগিতাখন চাবলৈ মাস্ক পৰিধান কৰি জনসাধাৰণক ওলাই অহা দেখা গ’ল ৷ উল্লেখযোগ্য যে, তামিলনাডু চৰকাৰে ক’ভিড-19 ৰ প্ৰতি নজৰ ৰাখি নীতি-নিয়মৰ মাজেৰে প্ৰতিযোগিতা খন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷

ইপিনে প্ৰশাসনে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ প্ৰতিযোগিতা খনত অংশগ্ৰহণকাৰীৰ সংখ্যা 150 ত কৈ অধিক হ’ব নোৱাৰিব ৷ যি সকলে অংশগ্ৰহণ কৰিব তেওঁলোকৰ ক’ভিড-19 ৰ নিগেটিভৰ চাৰ্টিফিকেট বাধ্যতামূলক ৷ লগতে 50 শতাংশলৈ জনসাধৰণৰ সমাগম হ্ৰাস কৰিব লাগিব বুলি প্ৰশাসনে উল্লেখ কৰিছে ৷

লগতে পঢ়কঃ পাটাছাৰকুছিত আত্মপ্ৰকাশ ৰঞ্জিত কুমাৰ দাসৰ

ABOUT THE AUTHOR

...view details