নেচনেল ডেস্ক, 19 জুলাই :জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (Lashkar-e-Taiba)ৰ এজন শীৰ্ষ কমাণ্ডাৰ সহ দুজন সন্ত্ৰাসবাদী নিহত হয় । কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰ(IGP Vijay kumar)ৰ মতে, এলইটি(LET) কমাণ্ডাৰজনক ইশফাক দাৰ ওৰফে আবু আক্ৰাম বুলি চিনাক্ত কৰা হৈছে । নিহত সন্ত্ৰাসবাদী জন ২০১৭ চনৰ পৰা কাশ্মীৰ উপত্যকাত সক্ৰিয় হৈ আছিল।
কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনোৱা মতে, এনকাউণ্টাৰ স্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰ লগতে বৰ্তমান এই সন্দৰ্ভত তালাচী অভিযান বাহাল আছে । আৰক্ষীৰ এটা টুইটত এই কথা নিশ্চিতও কৰা হৈছে ৷ উল্লেখ্য যে, দেওবাৰে শ্বপিয়ানৰ ছাদিক খান অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত এক ভয়াৱহ সংঘৰ্ষ সংঘটিত হৈছিল ।
শুকুৰবাৰে, শ্ৰীনগৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ দুজন স্থানীয় সন্ত্ৰাসবাদী (terrorist) নিহত হোৱাৰ পিছত এই ঘটনা সংঘটিত হয় ৷ নিহত সন্ত্ৰাসবাদী কেইজন এই বছৰৰ জুন মাহত শ্ৰীনগৰত সংঘটিত তিনিটা ডাঙৰ ঘটনাৰ সৈতে জড়িত আছিল ।