অসম

assam

ETV Bharat / bharat

কৰ'ণাৰ নহয় এয়া বিজেপি প্ৰতিষেধক : অখিলেশ যাদৱ

কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা প্ৰতিষেধক প্ৰদানৰ অভিযানকলৈ বিস্ফোৰক মন্তব্য় দেশৰ অন্য়তম ৰাজনৈতিক দল সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱৰ । অখিলেশ যাদৱৰ মতে এয়া কৰ'ণাৰ প্ৰতিষেধক নহয়, বিজেপিৰ প্ৰতিষেধক । চিকিৎসক আৰু বৈজ্ঞানিকক ইয়াৰ জৰিয়তে চৰম অপমান কৰা বুলি বিজেপিৰ ওপৰত অভিযোগ অখিলেশ যাদৱৰ ।

কৰ'ণাৰ নহয় এয়া বিজেপি প্ৰতিষেধক : অখিলেশ যাদব
কৰ'ণাৰ নহয় এয়া বিজেপি প্ৰতিষেধক : অখিলেশ যাদব

By

Published : Jan 2, 2021, 8:23 PM IST

নেশ্য়নেল ডেস্ক , ২ জানুৱাৰী :দেশজুৰি আৰম্ভ হৈছে কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ অনুশীলন অভিযান । সমান্তৰালকৈ অভিযানকলৈ দেশত ইতিমধ্য়ে আৰম্ভ হৈছে চৰকাৰ আৰু বিৰোধীৰ ৰাজনৈতিক বাক বিতণ্ডা । উত্তৰ প্ৰদেশতো দেখা গ'ল নেতাৰ অভিযোগ প্ৰতি-অভিযোগৰ ৰাজনীতি ।

কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা প্ৰতিষেধক প্ৰদানৰ অভিযানকলৈ বিস্ফোৰক মন্তব্য় দেশৰ অন্য়তম ৰাজনৈতিক দল সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱৰ । অখিলেশ যাদৱৰ মতে এয়া কৰ'ণাৰ প্ৰতিষেধক নহয় বিজেপিৰ প্ৰতিষেধক । তেওঁ এই প্ৰতিষেধক নলয় বুলি কোৱাৰ লগতে চিকিৎসক আৰু বৈজ্ঞানিকক ইয়াৰ জৰিয়তে চৰম অপমান কৰা বুলি বিজেপিৰ ওপৰত অভিযোগ উত্থাপণ কৰে অখিলেশ যাদৱে । সংবাদ মাধ্য়মৰ আগত তেওঁ কয় যে বিজেপি চৰকাৰৰ দ্বাৰা প্ৰদান কৰা এই প্ৰতিষেধকৰ ওপৰত ৰাইজে কেনেদৰে বিশ্বাস কৰিব । লগতে তেওঁ ঘোষণা কৰে ২০২২ ৰ নিৰ্বাচনত সমাজবাদী পাৰ্টিয়ে ৰাজ্য়খনত চৰকাৰ গঠন কৰিব আৰু ৰাইজক বিনামুলীয়াকৈ দিব কৰ'ণাৰ প্ৰতিষেধক ।

প্ৰতিষেধকৰ ওপৰত বিশ্বাস নাই বুলি অখিলেশ যাদৱে কৰা মন্তব্য়ৰ পিছতে উত্তৰ প্ৰদেশৰ উপ মুখ্য়মন্ত্ৰী তথা বিজেপি নেতা কেশৱ প্ৰসাদ মৌৰে তীব্ৰ প্ৰতিক্ৰিয়া কৰা দেখা গ'ল । বিজেপি নেতা গৰাকীয়ে সমালোচনা কৰি কয় যে অখিলেশ যাদৱৰ ওপৰতহে বিশ্বাস নাই উত্তৰ প্ৰদেশৰ ৰাইজৰ । অখিলেশ যাদৱে নিজৰ মন্তব্য়ক ভুল স্বীকাৰ কৰি সোনকালে ক্ষমা বিচাৰিব লাগে বুলিও দাবী কৰে বিজেপি নেতা গৰাকীয়ে ।

ইফালে উত্তৰ প্ৰদেশৰ মুখ্য়মন্ত্ৰী যোগী আদিত্য় নাথে শনিবাৰে এক অনুষ্ঠানত কয় যে ১৪ জানুৱাৰীত হ'ব লগা হিন্দু ধৰ্মৰ অন্য়তম উৎসৱ মকৰ সংক্ৰান্তিৰ সময়ত ৰাজ্য়খনত কৰ'ণাৰ প্ৰতিষেধক উপলব্ধ হ'ব । লগতে তেওঁ উল্লেখ কৰে ইতিমধ্য়ে দেশজুৰি আৰম্ভ হোৱা কৰ'ণাৰ প্ৰতিষেধকৰ ড্ৰাইৰান ৰাজ্য়খনত ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা আদালতৰ

ABOUT THE AUTHOR

...view details