অসম

assam

ছত্তীশগড়ত মাওবাদীয়ে সংস্থাপন কৰা আইইডি উদ্ধাৰ

By

Published : Mar 7, 2021, 6:53 PM IST

দেওবাৰে মাওবাদীয়ে সংস্থাপন কৰা এটা আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰত-তীব্বত সীমান্ত আৰক্ষীৰ(আইটিবিপি) এটা দলে ।আইটিবিপিয়ে জনোৱা মতে মুণ্ডিপাদাৰ আৰু মাতৱাল গাওঁৰ মাজত এটা টিফিন বাকচৰ ভিতৰত নিৰাপত্তাবাহিনীক লক্ষ্য কৰি ৰাখিছিল এই আইইডিটো ।

ছত্তীশগড়ত মাওবাদীয়ে সংস্থাপন কৰা আইইডি উদ্ধাৰ
ছত্তীশগড়ত মাওবাদীয়ে সংস্থাপন কৰা আইইডি উদ্ধাৰ

নিউজ ডেস্ক,৭ মাৰ্চ:ছত্তীশগড়ত অব্যাহত আছে মাওবাদীৰ কূটাঘাতমূলক কাৰ্যকলাপ । দেওবাৰে মাওবাদীয়ে সংস্থাপন কৰা এটা আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰত-তীব্বত সীমান্ত আৰক্ষীৰ(আইটিবিপি) এটা দলে । আইটিবিপিৰ ৪১ নং বেটেলিয়ানে ছত্তীশগড়ৰ কোন্দাগাওঁ জিলাৰ পৰা উদ্ধাৰ কৰে এই আইইডিটো । আইটিবিপিয়ে জনোৱা মতে মুণ্ডিপাদাৰ আৰু মাতৱাল গাওঁৰ মাজত এটা টিফিন বাকচৰ ভিতৰত নিৰাপত্তাবাহিনীক লক্ষ্য কৰি ৰাখিছিল এই আইইডিটো ।

ইফালে শুকুৰবাৰে মাওবাদীয়ে ৰাজ্যখনৰ দান্তেৱাড়াৰ পাহুৰনাৰ অঞ্চলত সংস্থাপন কৰা এটা আইইডি বিস্ফোৰণৰ ফলত মৃত্যু হয় চত্তীশগড় সশস্ত্ৰ বাহিনীৰ ২২ নং বেটেলিয়ানৰ এজন হেড কনিষ্টবলৰ ।

লগতে পঢ়ক:ড্ৰাগছ সৰবৰাহৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ বিজেপি নেতাৰ ঘনিষ্ঠ

For All Latest Updates

ABOUT THE AUTHOR

...view details