অসম

assam

ETV Bharat / bharat

বিশ্বমানৰ হিচাপে গঢ়ি তোলা হ’ব বিহাৰৰ পাঁচটা ৰে’ল ষ্টেচন

ধৰ্মীয় আৰু পৰ্যটন দুয়োটা দিশতেই বিশেষ গুৰুত্ব আছে গয়াৰ ৷ ইয়াৰ প্ৰতি দৃষ্টি ৰাখি এই ৰে’ল ষ্টেচন কেইটাৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ লগতে ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল, মুজাফৰপুৰ আৰু বেগুচৰাই ষ্টেচনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত যাত্ৰীসকলে ষ্টেচনকেইটাত বিমানবন্দৰৰ দৰে বিশ্বমানৰ সুবিধা লাভ কৰিব ।

initiative started to make 5 stations as world class under east central rail
বিশ্বমানৰ হিচাপে গঢ়ি তোলা হ’ব বিহাৰৰ পাচটা ৰেল ষ্টেচন

By

Published : Mar 15, 2021, 5:32 PM IST

নিউজ ডেস্ক,15 মাৰ্চ:পূব মধ্য ৰে’লৱেৰ অধীনষ্ঠ গয়া ষ্টেচনৰ লগত ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল, মুজাফৰপুৰ ষ্টেচন, সিংৰাউলী ষ্টেচন আৰু পাটনাৰ বেগুচৰাইক বিশ্বমানৰ ৰে’ল ষ্টেচন হিচাপে গঢ়ি তুলিবলৈ আৰ্হি প্ৰস্তুত কৰা হৈছে । পূৱ মধ্য ৰে’লৱেৰ মহাপ্ৰৱন্ধক ললিত চন্দ্ৰ ত্ৰিবেদীয়ে এই সন্দৰ্ভত সোমবাৰে এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয় ৷ বৈঠকত এই পাঁচটা ষ্টেচনক বিশ্বমানৰ ষ্টেচন হিচাপে গঢ়ি তুলিবলৈ বাছনি কৰাৰ লগতে আৰ্হি প্ৰস্তুতৰ কাম আৰম্ভ কৰা হয় ।

বিশ্বমানৰ হিচাপে গঢ়ি তোলা হ’ব বিহাৰৰ পাঁচটা ৰে’ল ষ্টেচন

ধৰ্মীয় আৰু পৰ্যটন দুয়োটা দিশতেই গয়া চহৰৰ বিশেষ গুৰুত্ব আছে ৷ ইয়াৰ প্ৰতি দৃষ্টি ৰাখি এই ৰে’ল ষ্টেচন কেইটাৰ বিকাশৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ লগতে ৰাজেন্দ্ৰ নগৰ টাৰ্মিনেল, মুজাফৰপুৰ আৰু বেগুচৰাই ষ্টেচনৰ বিকাশৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত যাত্ৰীসকলে ষ্টেচনকেইটাত বিমানবন্দৰৰ দৰে বিশ্বমানৰ সুবিধা লাভ কৰিব । ৰে’ল ষ্টেচন কেইটাৰ আৰ্হি প্ৰস্তুতৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। ৰে’ল ভূমি উন্নয়ন কৰ্তৃপক্ষই ষ্টেচন নিৰ্মাণৰ কাম ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্ব প্ৰক্ৰিয়াৰে কৰাৰ সিদ্ধান্ত লৈছে । নতুন ষ্টেচনটোত অত্যাধুনিক সা সুবিধাৰে সজ্জিত হোৱাৰ লগতে যাত্ৰীৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে পৃথকে পৃথকে ব্যৱস্থা কৰা হ’ব ৷

বিশ্বমানৰ হিচাপে গঢ়ি তোলা হ’ব বিহাৰৰ পাঁচটা ৰে’ল ষ্টেচন

লগতে পঢ়ক:18 মাৰ্চত কৰিমগঞ্জৰ জনসভাত ভাগ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে

ABOUT THE AUTHOR

...view details