অসম

assam

ETV Bharat / bharat

গুজৰাটৰ উপকূলৰ পৰা 200 ন’টিকেল মাইল দূৰত ইজৰাইলৰ জাহাজত ড্ৰ’ন আক্ৰমণ - গুজৰাটৰ উপকূল

Merchant vessel attacked: ইউনাইটেড কিংডমৰ মেৰিটাইম ট্ৰেড অপাৰেচনৰ এক বিবৃতিত কোৱা হৈছে যে গুজৰাটৰ গিৰ সোমনাথ জিলাৰ ভেৰাভালৰ পৰা ২০০ ন’টিকেল মাইল (প্ৰায় ৩৭০ কিলোমিটাৰ) দূৰত্বত এখন জাহাজত মানৱবিহীন বিমান বাহনৰ আক্ৰমণত বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হয় ।

Merchant vessel attacked
ইজৰাইলৰ জাহাজত সন্দেহজনক ড্ৰ’ন আক্ৰমণ

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 10:03 PM IST

নিউজ ডেস্ক, 23 ডিচেম্বৰ: ইজৰাইলৰ সৈতে জড়িত বুলি কোৱা এখন বণিজ্যিক জাহাজ ‘এম ভি কেম প্লুটো’ ওপৰত এক ড্ৰ’ন আক্ৰমণ হয়, যাৰ ফলত জাহাজখনৰ ভিতৰত বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ইউনাইটেড কিংডম মেৰিটাইম ট্ৰেড অপাৰেচনে (ইউ কে এম টি অ’) শনিবাৰে প্ৰকাশ কৰিছে ৷

গুজৰাটৰ গিৰ সোমনাথ জিলাৰ ভেৰাভালৰ পৰা 200 ন’টিকেল মাইল (প্ৰায় 370 কিলোমিটাৰ) দূৰত্বত জাহাজখনত এখন মানৱবিহীন বিমান বাহনৰ আক্ৰমণত বিস্ফোৰণ আৰু অগ্নিকাণ্ড সংঘটিত হয় বুলি ইউকেএমটিঅ’ই প্ৰকাশ কৰিছে ৷ জানিব পৰা মতে জাহাজখনৰ জুই নিৰ্বাপিত হৈছে আৰু প্ৰায় 20 জন ভাৰতীয়কে ধৰি সকলো ক্ৰু মেম্বাৰ নিৰাপদে আছে ৷ ইউকেএমটিঅ’ই আৰু কয় যে কৰ্তৃপক্ষই এই ঘটনাৰ তদন্ত কৰি আছে ৷ জাহাজসমূহক সাৱধানে ট্ৰেনজিট কৰিবলৈ আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে ইউকেএমটিঅ’ক জনোৱাৰ পৰামৰ্শ দিয়া হৈছে ৷

“ইউকেএমটিঅ’ই এখন জাহাজত আনক্ৰুড এৰিয়েল চিষ্টেমে (ইউএএছ) আক্ৰমণ কৰি বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ সৃষ্টি কৰাৰ প্ৰতিবেদন লাভ কৰিছে ৷ ভাৰতৰ ভেৰাভালৰ দক্ষিণ-পশ্চিমে 200 ন’টিকেল মাইল দূৰত্বত এই ঘটনা ৷ ইতিমধ্যে জুই নিৰ্বাপিত হৈছে, কোনো হতাহত হোৱা নাই, কৰ্তৃপক্ষই ঘটনাৰ তদন্ত কৰি আছে ৷’’ ইউকেএমটিঅ’ই এক বিবৃতিত এইদৰে কয় ৷ ইউকেএমটিঅ’ই এক বিবৃতিত কয় যে, ‘‘জাহাজসমূহক সাৱধানে ট্ৰেনজিট কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে ইউকেএমটিঅ’ক জনাবলৈ অনুৰোধ জনোৱা হৈছে ৷’’

ঘটনাৰ খবৰ লাভ কৰি শীঘ্ৰেই ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষীৰ জাহাজে আক্ৰমণ সংঘটিত হোৱা জাহাজখনক সহায়ৰ বাবে যায় ৷ ইণ্ডিয়ান ক’ষ্ট গাৰ্ড ডৰ্নিয়াৰ মেৰিটাইম চাৰ্ভিলেন্স বিমানে দুৰ্দশাগ্ৰস্ত জাহাজখনৰ সৈতে যোগাযোগ স্থাপন কৰে ৷ "ড্ৰ’ন আক্ৰমণৰ পিছত জাহাজখনে নিজৰ অটোমেটিক আইডেন্টিফিকেশন চিষ্টেমটো বন্ধ কৰি দিলে যিটো জাহাজখনৰ ট্ৰেকিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ জাহাজখনৰ শক্তি উৎপাদন ব্যৱস্থা এতিয়া কাৰ্যক্ষম হৈ উঠিছে আৰু গন্তব্যস্থানলৈ যোৱাৰ পূৰ্বে অধিক পৰীক্ষা কৰা হৈছে ৷" ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বিষয়াসকলে এইদৰে কয় ৷

ইয়াৰ পূৰ্বে পি-৮ আই চোৰাংচোৱা বিমানে গোৱাত থকা আইএনএছ হান্সা নৌসেনাৰ বিমান ঘাটিৰ পৰা উৰা মাৰি দুৰ্দশাগ্ৰস্ত জাহাজখনৰ সৈতে যোগাযোগ স্থাপন কৰিছিল ৷ ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজখনো জাহাজখনৰ ফালে আগবাঢ়িছে আৰু অহা কেইঘণ্টামানৰ ভিতৰতে বণিজ্যিক জাহাজখনত উপস্থিত হোৱাৰ সম্ভাৱনা আছে বুলি নৌসেনাৰ বিষয়াসকলে জানিবলৈ দিয়ে ৷ প্ৰতিৰক্ষা বিষয়াসকলে জনোৱা মতে, জাহাজখনে খাৰুৱা তেল কঢ়িয়াই লৈ গৈছিল আৰু চৌদি আৰৱৰ এটা বন্দৰৰ পৰা মাংগালোৰ অভিমুখে গৈ আছিল ৷

লগতে পঢ়ক :ছিল্কিয়াৰৰা সুৰংগৰ দুৰ্ঘটনা: উদ্ধাৰ অভিযানত ভাৰতে কঢ়িয়াই আনিলে আন এক কৃতিত্ব

ABOUT THE AUTHOR

...view details