অসম

assam

Indo-China war 1962 ৰ বীৰ সৈনিকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

By

Published : Nov 19, 2021, 10:15 PM IST

কিংবদন্তী ভাৰতীয় সেনা হাবিলদাৰ শ্বেৰ বাহাদুৰ থাপাৰ স্মৃতিত অৰুনাচলত সেনাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ জানো আহক এই বিশেষ সৈনিক জনৰ জীৱন ৷

INDIAN ARMY AND LOCALS PAY TRIBUTE TO 1962 WAR HERO HAVILDAR SHER BAHADUR THAPA
Indo-China war 1962 ৰ বীৰ সৈনিকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

তেজপুৰ, ১৯ নৱেম্বৰ :১৯৬২ চনৰ যুদ্ধৰ সময়ত অৰুণাচলৰ উজনি সোৱনশিৰি জিলাত শত্ৰু বাহিনীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত সাহসী সৈনিক হাবিলদাৰ শ্বেৰ বাহাদুৰ থাপাৰ সাহস আৰু সৰ্বোচ্চ ত্যাগৰ বাবে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ ভাৰতীয় সেনাই লিমকিং গাঁৱৰ স্থানীয় লোকসকলৰ সৈতে 'শ্বেৰ এ থাপা দিৱস' উদযাপন কৰে ।

দ্বিতীয় জম্মু আৰু কাশ্মীৰ ৰাইফলছৰ সাহসী সৈনিকজনে নিজৰ জীৱনলৈ অহা সকলো বিপদ নেওচি 72 ঘণ্টাতকৈও অধিক সময় ধৰি উপৰ্যুপৰি হোৱা চীনা আক্ৰমণ ৰোধ কৰে ৷ সেইবাবে তেওঁক সোৱনশিৰি উপত্যকা ৰক্ষা কৰাৰ কৃতিত্ব দিয়া হয় । সেনাৰ অনুষ্ঠানটোত লিমকিং গাঁৱৰ ওচৰৰ শ্বেৰে থাপা মেম'ৰিয়েলত উপ কমাণ্ডাৰ সোৱনশিৰি ব্ৰিগেডৰ দ্বাৰা পুষ্পস্তৱক অৰ্পণৰ দ্বাৰা চিহ্নিত কৰা হৈছিল ।

Indo-China war 1962 ৰ বীৰ সৈনিকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

তেওঁৰ ত্যাগক সন্মান কৰা স্থানীয় লোকসকলো সেনাৰ অনুষ্ঠানত তেওঁক শ্ৰদ্ধা জনাবলৈ বৃহৎ সংখ্যাত উপস্থিত হৈছিল । ইয়াৰ পিছত গাঁওবাসীয়ে এই উপলক্ষে এক সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে । অনুষ্ঠানটোত কিছু প্ৰাক্তন সৈনিকে তেওঁলোকৰ বীৰত্বৰ কাহিনী বৰ্ণনা কৰে । উল্লেখযোগ্য যে, হাবিলদাৰ শ্বেৰ বাহাদুৰ থাপা এগৰাকী কিংবদন্তী ভাৰতীয় সেনা জোৱান আছিল যি আজিও স্থানীয় লোকসকলৰ বাবে অনুপ্ৰেৰণা হৈ আছে ।

লগতে পঢ়ক :গণতন্ত্ৰৰ ভাষা বুজি নোপোৱা চৰকাৰৰ পৰাজয় হৈছে : শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details