নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: বৈদ্যুতিক বাহন ব্যৱহাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে ভাৰত চৰকাৰে মুকলি কৰিলে ই-অমৃত(E-Amrit) ৱেব প’ৰ্টেল । ইংলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হৈ থকা COP26 সন্মিলনত এই প’ৰ্টেলটো মুকলি কৰে কেন্দ্ৰীয় চৰকাৰে ।
বুধবাৰে নীতি আয়োগে এক বিবৃতিযোগে জানিবলৈ দিছে যে, ই-অমৃত হৈছে বৈদ্যুতিক বাহনৰ সম্পৰ্কীয় সকলো তথ্য সমৃদ্ধ একমাত্ৰ স্থান । বৈদ্যুতিক বাহন ক্ৰয়, বিনিয়োগৰ সুযোগ, নীতি আৰু ৰাজসাহায্য আদি সকলো তথ্য এই প’ৰ্টেলটোত উপলব্ধ হ'ব ৷
বিবৃতিটোত উল্লেখ কৰা হৈছে যে, "ইংলেণ্ড চৰকাৰৰ সৈতে এক সহযোগিতামূলক জ্ঞান বিনিময় কাৰ্যসূচীৰ অধীনত আৰু দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাক্ষৰ কৰা ইংলেণ্ড-ভাৰতৰ যুটীয়া ৰোডমেপ ২০৩০ ৰ অংশ হিচাপে নীতি আয়োগে এই প’ৰ্টেলটো মুকলি কৰিছে ।