নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ: অসবর্ণ বিবাহক লৈ সমাজত থকা বৈষম্য দূৰ কৰাৰ বাবে চৰকাৰ অথবা বিভিন্ন সংগঠনে মানুহক সজাগ কৰাৰ প্ৰয়াস কৰি আহিছে । কিন্তু আশা কৰা ধৰণে সমাজৰ পৰা এনে মানসিকতা সম্পূৰ্ণৰূপে আঁতৰ কৰিব পৰা নাই । কেন্দ্ৰীয় চৰকাৰে অসবর্ণ বিবাহক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ইতিমধ্যে এখন আঁচনি গ্ৰহণ কৰিছে । কিন্তু আশ্চৰ্যজনকভাৱে ত্ৰিপুৰাত এই আঁচনিখনৰ সুবিধা লাভ কৰা হিতাধিকাৰীৰ সংখ্যা তেনেই তাকৰ ।
শুকুৰবাৰে ত্ৰিপুৰাত সমাজ কল্যাণ আৰু সমাজ শিক্ষা বিভাগৰ এক পৰ্যালোচনা বৈঠকত অংশ লৈ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৰামদাস আঠৱালেই এই আঁচনিখন সফলভাৱে ৰূপায়ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে । এই আঁচনিৰ অধীনত অসবর্ণ বিবাহৰ ক্ষেত্ৰত যদি স্বামী অথবা পত্নী অনুসূচীত সম্প্ৰদায়ৰ হয় তেন্তে তেওঁ ২.৫ লাখ টকা ভাট্টা হিচাপে লাভ কৰে । সেয়ে, ৰাজ্যখনত এনে বিবাহ সন্দৰ্ভত সজাগতা অভিযান চলাবলৈ বিষয়াসকলক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।