অসম

assam

ETV Bharat / bharat

ক্ষমতাৰ ৰাগীত বলিয়ান গুপকাৰ দলে ৰাইজক ব্যতিব্যস্ত কৰিছে : স্মৃতি ইৰানী

ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ দলৰ দ্বাৰা গঠিত পিপুলছ এলায়েঞ্চ ফৰ গুপকাৰ ডিকলাৰেশ্বনক লক্ষ্য কৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ মন্তব্য ।

By

Published : Dec 14, 2020, 2:28 PM IST

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানি
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানি

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ :জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ পূৰ্বে গুপকাৰ দলক সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ । ক্ষমতাৰ ৰাগীত বলিয়ান গুপকাৰ দলে ৰাইজক ব্যতিব্যস্ত কৰিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

অনুচ্ছেদ ৩৭০ পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ ৰাজনৈতিক দলৰ দ্বাৰা গঠিত এই গুপকাৰ ঘোষণা মিত্ৰজোঁটে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ ৰাইজক বিপথে পৰিচালিত কৰিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ৰেইচি জিলাত এক নিৰ্বাচনী সভাত অংশগ্ৰহন কৰি কেন্দ্ৰীয় বস্ত্ৰতাঁত আৰু শিশু তথা মহিলা কল্যাণ মন্ত্ৰী স্মৃতি ইৰানীয়ে গুপকাৰ দলক সমালোচনাৰ লক্ষ্য কৰি লয় । নিৰ্বাচনৰ বাবে এইদৰে ওলাই অহা গুপকাৰ দলে ৰাইজক কেতিয়াও তেওঁলোকৰ সমস্যা সমাধান কৰাৰ বাবে চিন্তা নকৰে, বৰঞ্চ একমাত্ৰ ক্ষমতা লাভ কৰাটোৱেই হৈছে তেওঁলোকৰ উদ্দেশ্য বুলি সভাত জনায় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে ।

নেশ্যনেল কনফাৰেন্স, পিডিপি, পিপুলছ কনফাৰেন্স আৰু চিপিআইএমে বিগত অক্টোবৰত গুপকাৰ মিত্ৰজোঁট গঠন কৰি প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা জিলা উন্নয়ন পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে । অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত পাকিস্তানৰ পৰা অহা শৰণাৰ্থী সমূহেও এই নিৰ্বাচনত ভোটদান কৰিছে ।

দেওবাৰে অনুষ্ঠিত হৈ যোৱা ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণত ৩১ টা সমষ্টিত অভিলেখ সংখ্যক ৪২.৭৯ শতাংশ ভোটদান হয় ।

অহা ১৬ আৰু ১৯ ডিচেম্বৰত বাকী পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হ'ব আৰু ২২ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক :প্ৰতিবাদ অব্যাহত থাকিব কৰ্ণাটকৰ পথ পৰিবহণ কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details