নিউজ ডেস্ক, 28 ছেপ্টেম্বৰ:লেফটেনেণ্ট জেনেৰেল অনিল চৌহানক (অৱসৰপ্ৰাপ্ত) দেশৰ পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী (CDS) হিচাপে নিযুক্তি দিয়া হৈছে(Lt General Anil Chauhan Retired as next CDS) । প্ৰতিৰক্ষা মন্ত্ৰালয়ে বুধবাৰে এক বিবৃতি জাৰি কৰি সদৰী কৰে এই কথা । প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল বিপিন ৰাৱটৰ মৃত্যুৰ পিছত দীৰ্ঘদিন ধৰি এই পদটো খালী হৈ আছিল (India's first CDS, General Bipin Rawat) ।
প্ৰায় ন মাহ বিৰতিৰ পাছত অৱশেষত দেশৰ দ্বিতীয়গৰাকী প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি দিয়া হয় প্ৰতিৰক্ষা মুৰব্বী(CDS Lt General Anil Chauhan) । প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিবৃতিটোত উল্লেখ কৰে যে, ভাৰত চৰকাৰে লেফটেনেণ্ট জেনেৰেল অনিল চৌহানক (অৱসৰপ্ৰাপ্ত) পৰৱৰ্তী প্ৰতিৰক্ষা মুৰব্বী (চিডিএছ) হিচাপে নিযুক্তি দিছে (Chief of Defence Staff) ৷ তেওঁ ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব ৷
প্ৰতিৰক্ষা মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি, লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে 40 বছৰতকৈ অধিক সময় কেইবাটাও কমাণ্ডাৰ, ষ্টাফ আৰু সহায়ক হিচাপে নিযুক্তি লাভ কৰিছিল ।
জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূব ভাৰতৰ কেইবাটাও সন্ত্ৰাসবাদ বিৰোধী অভিযানত তেওঁৰ যথেষ্ট অভিজ্ঞতা আছে । 1961 চনৰ 18 মে'ত জন্মগ্ৰহণ কৰা লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে 1981 চনত ভাৰতীয় সেনাৰ 11 গোৰ্খা ৰাইফলছত যোগদান কৰে । তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী, খড়কৱাছলা আৰু ভাৰতীয় সামৰিক একাডেমী, ডেৰাডুনৰ প্ৰাক্তন ছাত্ৰ ।