নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ:আজি কিংবদন্তি গায়ক, সুধাকণ্ঠ তথা জাতিৰ হিয়াৰ আমঠুস্বৰূপ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্ম দিৱস (Google celebrating 96th birth anniversary)৷ ৰাজ্যৰ লগতে এইবাৰে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান গুগলেও উদযাপন কৰিছে সুধাকণ্ঠৰ বিশেষ দিন ৷ গুগলে এক বিশেষ ডুডলৰ জৰিয়তে কিংবদন্তি গায়কগৰাকীৰ জন্ম জয়ন্তী পালন কৰিছে (Birth anniversary of legendary singer Bhupen Hazarika)৷ এই ডুডলটো অংকন কৰিছে মুম্বাইৰ শিল্পী ৰুতুজা মালিয়ে (doodle illustrated by Rutuja Mali)৷
ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত । তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা ।
অসম তথা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা ৷ তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক । সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল । ড৹ হাজৰিকাক এগৰাকী মানৱতাবাদী শিল্পী বুলিও গণ্য কৰা হয় ৷
অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল । তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও ভাৰত তথা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছিল ৷