নেশ্যনেল ডেস্ক, 17 জুলাই: সকলো শিক্ষাৰ্থীয়ে অতি আগ্ৰহেৰে বাট চাই থকা দিল্লী বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়খনত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তিৰ বাবে পঞ্জীয়নৰ দিন ঘোষণা কৰিছে ৷ সেই অনুসৰি আগন্তুক 2 আগষ্টৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ৰ নামভৰ্তিৰ বাবে পঞ্জীয়ন আৰম্ভ হ'ব ৷ শনিবাৰে বিশ্ববিদ্যালয়খনৰ কাৰ্যকৰী উপাচাৰ্য পি চি যোশীয়ে এই কথা ঘোষণা কৰে ৷ ইফালে স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তিৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া 26 জুলাইৰ পৰা আৰম্ভ হ'ব ৷
2 আগষ্টৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ
2 আগষ্টৰ পৰা আৰম্ভ হ'ব দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ত নামভৰ্তিৰ প্ৰক্ৰিয়া ৷ 2 আগষ্টৰ পৰা বিশ্ববিদ্যালয়খনত স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷ স্নাতকোত্তৰৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ 21 আগষ্ট আৰু স্নাতকৰ বাবে 31 আগষ্ট ৷
স্নাতকোত্তৰ পৰ্যায়ত নামভৰ্তিৰ বাবে পঞ্জীয়নৰ অন্তিম দিন 21 আগষ্ট আৰু স্নাতক পৰ্যায়ত নামভৰ্তিৰ বাবে পঞ্জীয়নৰ অন্তিম দিন 31 আগষ্ট ধাৰ্য কৰা হৈছে ৷ এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী উপাচাৰ্যগৰাকীয়ে এনেদৰে কয়, "আমাৰ শিক্ষা সমিতিৰ সৈতে আমি এক গভীৰ বৈঠকত মিলিত হৈছো ৷ এই বৈঠকৰ পাচতে আমি আগন্তুক শিক্ষাবৰ্ষত নামভৰ্তিৰ বাবে পঞ্জীয়নৰ দিন ধাৰ্য কৰিছো ৷ " এইবছৰৰ নামভৰ্তি প্ৰক্ৰিয়াও পূৰ্বৰ দৰে অনলাইন মাধ্যমতে হ'ব বুলি ও তেওঁ জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:দিল্লী বিশ্ববিদ্যালয়ত 67 হাজাৰে কৰিলে নামভৰ্ত্তিঃ আজি নামভৰ্ত্তিৰ অন্তিম তাৰিখ