নিউজ ডেস্ক, ৮ এপ্ৰিল : শেহতীয়াভাৱে ইণ্ডিগো বিমান (Indigo flight) বিভিন্ন বিসংগতিমূলক কাৰ্যৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে । সঘনাই যান্ত্ৰিক বিজুতি, যাত্ৰীক এৰি থৈ যোৱা, সময়তকৈ আগতে উৰণ আদি বিভিন্ন খেলিমেলিৰ সৃষ্টি হৈছে ইণ্ডিগো বিমান সেৱাত । আনহাতে, বিমানযাত্ৰীৰ কেতবোৰ অদ্ভূত আৰু অবিবেচক কাণ্ডইয়ো শেহতীয়াভাৱে জোকাৰি গৈছে । বিমানৰ ভিতৰত মদাসক্ত যাত্ৰীৰ অভদ্ৰামী, সহযাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰা, বিমান পৰিচাৰিকাক দুৰ্ব্যৱহাৰ আদি বিভিন্ন ঘটনা সংঘটিত হৈছে । কিন্তু শেহতীয়াভাৱে ইণ্ডিগো বিমানত যিটো ঘটনা ঘটিছে, সেইটো শুনিলে হয়তো আপোনাৰ চকু কপালত উঠিব ।
ঘটনাটো ঘটিছে দিল্লীৰ পৰা বেংগালুৰুগামী ইণ্ডিগো বিমানত । যাত্ৰাপথত বিমানখনত থকা এজন সুৰাসক্ত যাত্ৰীয়ে বিমানখনৰ জৰুৰীকালীন দুৱাৰৰ ফ্লেপ খুলিবলৈ চেষ্টা কৰে (Drunk flyer tries opening emergency door flap) । এই অভিযোগত যাত্ৰীগৰাকীক আটক কৰা হয় । শুকুৰবাৰে বেংগালুৰুত সোধা-পোছাৰ বাবে আটক কৰা হয় যাত্ৰীজনক । অৱশ্যে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে যদিও গ্ৰেপ্তাৰ কৰা হোৱা নাই ।
বিমান সংস্থাটোৱে এই সন্দৰ্ভত কয় যে যাত্ৰীজনে এই কাৰ্য সংঘটিত কৰা পিচত বিমানখনৰ সুৰক্ষিত পৰিচালনাৰ সৈতে কোনো আপোচ কৰা হোৱা নাছিল । যাত্ৰীজনক কানপুৰৰ নৱাবগঞ্জৰ বাসিন্দা ৩০ বছৰীয়া আৰ প্ৰথিক বুলি চিনাক্ত কৰা হৈছে । কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Kempegowda International Airport, KIA) উপস্থিত হোৱাৰ পিচত বিমানকৰ্মীয়ে তেওঁক কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (Central Industrial Security Force, CISF) কৰ্মচাৰীৰ হাতত গতাই দিয়ে । পুৱা ৭.৫৬ বজাত দিল্লীৰ পৰা উৰামৰা বিমানখনে পুৱা ১০.৪৩ বজাত কেআইএত অৱতৰণ কৰে।
এয়াৰলাইনছৰ এটা সূত্ৰই এইটো নিশ্চিত কৰিছে যে নিচাসক্ত অৱস্থাত এজন যাত্ৰীয়ে ফ্লাইট ৬ই ৩০৮-ত জৰুৰীকালীন প্ৰস্থানৰ ফ্লেপ খুলিবলৈ চেষ্টা কৰিছিল ।