অসম

assam

ড্ৰাগছ গোচৰত আটক হোৱা অভিনেতা এজাজ খান ক'ভিড-19 ত আক্ৰান্ত

বলিউডৰ অভিনেতা তথা বিগবছৰ প্ৰতিযোগী এজাজ খান আক্ৰান্ত হৈছে ক'ভিড-19ত ৷ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো চমুকৈ এনচিবিৰ দ্বাৰা ড্ৰাগছ সৰবৰাহকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাচতে অভিনেতাজন আক্ৰান্ত হয় ক'ভিড-19ত ৷

By

Published : Apr 5, 2021, 1:17 PM IST

Published : Apr 5, 2021, 1:17 PM IST

ড্ৰাগছ গোচৰত আটক হোৱা অভিনেতা এজাজ খান ক'ভিড-19 ত আক্ৰান্ত
ড্ৰাগছ গোচৰত আটক হোৱা অভিনেতা এজাজ খান ক'ভিড-19 ত আক্ৰান্ত

নেশ্যনেল ডেস্ক,5 এপ্ৰিল: বলিউডৰ অভিনেতা তথা বিগবছৰ প্ৰতিযোগী এজাজ খান আক্ৰান্ত হৈছে ক'ভিড-19ত ৷ নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো চমুকৈ এনচিবিৰ দ্বাৰা ড্ৰাগচ সৰবৰাহকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাচতে অভিনেতাজন আক্ৰান্ত হয় ক'ভিড-19ত ৷ এনচিবিয়ে জনোৱা মতে, গোচৰৰ অনুসন্ধানত অভিনেতাজনৰ লগত থকা আটাইকেইজন বিষয়াকে ইতিমধ্যে কোৱাৰিন্টিনত ৰখাৰ লগতে অতি সোনকালে স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব ৷

উল্লেখ্য যে, 30 মাৰ্চত দক্ষিণ মুম্বাইস্থিত এজাজ খানৰ কাৰ্যালয়ত এনচিবিয়ে অভিনেতা গৰাকীক জেৰা কৰিছিল ৷ সেই জেৰাৰ ভিত্তিতে অভিনেতাজনক গ্ৰেপ্তাৰ কৰিছিল ৷ অভিনেতাজনে বলিউড ছবি আৰু বিভিন্ন টিভি অনুষ্ঠানত কাম কৰিছে ৷

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত বলীউড ছুপাৰষ্টাৰ গোবিন্দা

ABOUT THE AUTHOR

...view details