নেশ্যনেল ডেস্ক, ১৭ ছেপ্টেম্বৰ: পাকিস্তানে ভাৰতৰ আকাশত ড্ৰোণ উৰুৱাই ভাবুকি দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে । জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তই হওক অথবা পঞ্জাৱৰ সীমান্ত হওক পাকিস্তানৰ সন্দেহজনক ড্ৰোণ উৰিয়েই আছে । বৃহস্পতিবাৰে পুনৰ পঞ্জাৱৰ ভাৰত-পাকিস্তান সীমান্তত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত এখন সন্দেহজনক ড্ৰোণ প্ৰত্যক্ষ কৰা হয় । নিয়ন্ত্ৰণ ৰেখাৰ সমীপত বহু সময় ধৰি উৰি আছিল ড্ৰোণখন ।
ইয়াৰ পাছতে সীমান্ত সুৰক্ষা বাহিনীৰ দশম বেটেলিয়নে ড্ৰোণখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে । আনহাতে, যোৱা ৪০ দিনত চাৰিটাকৈ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাছত পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ড্ৰোণ আক্ৰমণ সন্দৰ্ভত সতৰ্কতা জাৰি কৰে । শেহতীয়াকৈ, পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানে আজনালা পেট্ৰ'ল পাম্পত সংঘটিত হোৱা বিস্ফোৰণৰ বিষয়ে প্ৰসংগ উত্থাপন কৰি পাকিস্তানক ড্ৰোণ আক্ৰমণৰ বাবে জগৰীয়া কৰে আৰু কয় যে, ‘ৰাজ্যখনৰ পৰিৱেশ অস্থিৰ কৰি তোলাৰ বাবে পাকিস্তানে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা চলাই আহিছে ।’