নিউজ ডেস্ক, 9 নৱেম্বৰ : চৰকাৰী তথ্য অনুসৰি,বিহাৰ বিধানসভা নিৰ্বাচন 57.09 শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে ৷ ক'ভিড-19 ৰ জটিল পৰিস্থিতৰ মাজতে 2015 চনৰ নিৰ্বাচনৰ তুলনাত ভোটাৰৰ সংখ্যা অধিক বুলিও তথ্যত প্ৰকাশ পাইছে ৷
নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, 2015 চনত অনুষ্ঠিত বিহাৰ বিধানসভা নিৰ্বাচনত ভোটাৰৰ হাৰ আছিল 56.66 শতাংশ । চলিত বছৰত মহিলা ভোটাৰৰ হাৰ আছিল 59.69 শতাংশ ৷