অসম

assam

ETV Bharat / bharat

লালকিল্লাৰ হিংসাত্মক ঘটনাত জড়িতক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

গণৰাজ্য দিৱসত দিল্লীৰ লালকিল্লাত কৃষকসকলৰ টেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ গোচৰত জড়িত অন্যতম অভিযুক্ত মনিন্দৰ সিঙক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ ।

লাল কিল্লাৰ কৃষক বিদ্ৰোহেৰে জৰিত অভিযুক্তক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ
লাল কিল্লাৰ কৃষক বিদ্ৰোহেৰে জৰিত অভিযুক্তক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

By

Published : Feb 17, 2021, 1:56 PM IST

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী: গণৰাজ্য দিৱসত দিল্লীৰ লাল কিল্লাত কৃষকসকলৰ টেক্টৰ ৰেলীত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ গোচৰৰে জড়িত মনিন্দৰ সিঙক দিল্লী আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰে । মঙলবাৰে সন্ধিয়া ৭.৪৫ বজাত বাছ আস্থান চিডি ব্লক পিতমপুৰাৰ সমীপত মনিন্দৰক ৪১.১ চি আৰ পিচিৰ অধীনত গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে । স্বৰূপ নগৰস্থিত মনিন্দৰৰ বাসগৃহৰ পৰা দিল্লী আৰক্ষীয়ে ৪.৩ ফুট দৈৰ্ঘৰ দুখনকৈ তৰোৱাল, লালকিল্লাৰ হিংসাত্মক পৰিস্থিতিৰ এক দীঘলীয়া ভিডিঅ', সিংঘু সীমান্তৰ প্ৰতিবাদী স্থানত উপস্থিত থকা ফটো আদি মনিন্দৰৰ ম’বাইলৰ পৰা জব্দ কৰে ।

গণৰাজ্য দিৱসৰ দিনাই কৃষকসকলে কৃষি আইনৰ বিৰোধিতাৰে দিল্লীৰ কেইবাটাও পথেৰে ট্ৰেক্টৰ ৰেলী উলিওৱাৰ অনুমতি লাভ কৰাৰ পিছতে আৰক্ষী আৰু প্ৰতিবাদী কৃষকৰ মাজত হতাহতি হোৱাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । প্ৰতিবাদৰ সময়ত কৃষকসকলে ৰাজহুৱা সম্পত্তি ধ্বংস কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । এই হিংসাত্মক ঘটনাত মনিন্দৰ সিং জড়িত আছিল ।

দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, মনিন্দৰ সিঙে বিভিন্ন ধৰণৰ ফেচবুক পোষ্ট কৰি উচটনিমূলক মন্তব্য প্ৰকাশ কৰিছিল । ইয়াৰোপৰি মনিন্দৰে সিংঘু সীমান্তত কৃষক নেতাসকলে দিয়া ভাষণৰ পৰা অনুপ্ৰেৰিত হোৱাত সঘনাই সিংঘু সীমান্ত ভ্ৰমণ কৰিছিল । লালকিল্লাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে স্বৰূপ নগৰৰ ছয়জনকৈ লোকক উচটাইছিল মনিন্দৰে । ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, তিনি কৃষি আইন বাতিলৰ দাবীৰে দিল্লীৰ সীমান্তত অৱস্থান কৰা কৃষকসকলে গণৰাজ্য দিৱসৰ টেক্টৰ ৰেলীৰ কাৰ্যসূচী গ্ৰহণ কৰি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ।

লগতে পঢ়ক: মধ্য প্ৰদেশৰ বাছ দুৰ্ঘটনা: 50 গৰাকী যাত্ৰীৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details