নেশ্যনেল ডেস্ক, 1 অক্টোবৰ: দেশজুৰি উৎসৱমুখৰ পৰিৱেশ ৷ দেশৰ ভিন্ন প্ৰান্তত নিজস্ব ৰীতি-নীতি অনুসৰি নৱৰাত্ৰি, দশেৰা, দুৰ্গা পূজাৰ ভৰপক আয়োজন ৷ ইয়াৰ মাজতে মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ মত্যুৰ ভাবুকি অহাৰ খবৰে তোলপাৰ লগাইছে মহাৰাষ্ট্ৰ আৰক্ষী প্ৰশাসনক (Death threat to CM Eknath Shinde)৷
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ "বৰ্ষা" আৰু থানেৰ বাসগৃহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষী প্ৰশাসনে (Security increased Varsha and Thane residence) ৷ উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী একনাথ সিন্দেক (CM Eknath Shinde) পত্ৰ আৰু ফোনকলৰ জৰিয়তে কোনো অচিনাকী দুৰ্বৃত্তই অহা 5 অক্টোবৰত মুম্বাইৰ বিকেচি খেলপথাৰত হ’বলগীয়া দশেৰা ৰেলীত আত্মঘাটী বোমাৰে হত্যাৰ ভাবুকি প্ৰদান কৰে ৷
ইতিমধ্যে এই সন্দৰ্ভত চোৰাংচোৱা গোটক অৱগত কৰিছে প্ৰশাসনে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো দুৰ্বৃত্তই হত্যাৰ পৰিকল্পনা কৰৰ খবৰৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী সিন্দেৰ বাসগৃহৰ বাহিৰত আৰক্ষীয়ে সতৰ্কতা আৰু নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে ৷