মেষ ৰাশি:ব্যয় নিয়ন্ত্ৰণৰ বাহিৰত গুচি যাব যেন লাগিছে । খৰচ বেছি হ’বলৈ নিদিব । ক’ব গ’লে বিত্তীয় দিশটোক সাৱধানে আৰু ভাবি চিন্তি চম্ভালিব । কাজিয়া বিবাদ হ’ব পাৰে । সংঘাত আৰু বিৰোধৰ পৰা দূৰত থাকক । বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে আপুনি সহজতে মিলিব নোৱাৰিব । স্বাস্থ্যৰ সমস্যাকো নুই কৰিব নোৱাৰি । আজিৰ দিনটো হতাশজনক হৈ থাকিব যেন লাগিব ।
বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ ঘটনাবহুল আৰু ফলদায়ক হ’ব । আপুনি অত্যধিক সৃজনশীল আৰু উদ্ভাৱনীমূলক হৈ থাকিব পাৰে । আজি গোটেই দিনটো আপোনাৰ মন সুদৃঢ় হৈ থাকিব আৰু স্পষ্ট চিন্তাই বিৰাজ কৰিব । আপুনি নিজৰ কৰ্মৰ প্ৰতি প্ৰবল আগ্ৰহী হৈ থাকিব আৰু প্ৰত্যেক মুহূৰ্তক উপভোগ কৰিব । আপুনি আৰ্থিক বাধা-বিপত্তিৰ মুখত পৰিব পাৰে আৰু ভৱিষ্যতৰ পৰিকল্পনাও কৰিব পাৰে । বিলাসবহুল আৰু আৰামদায়ক বস্তুৰ ক্ৰয়ৰ কাৰণে খৰচ হোৱাৰ সম্ভাৱনা আছে । ঘৰোৱা পৰিৱেশে আপোনাক উত্সাহ আৰু আত্মবিশ্বাসী কৰি তুলিব ।
মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে কঠিন, গতিকে সাৱধান । আজি প্ৰিয়গৰাকী বা পুত্ৰৰ সৈতে আপোনাৰ কাজিয়া হ’ব পাৰে । আজি আপুনি বিৰক্ত হৈ থাকিব আৰু আপোনাৰ খং উঠি থাকিব, কি কাৰণত এনেকুৱা হ’ব, সেয়া কেৱল আপুনিহে জানে । নিজকে নিয়ন্ত্ৰণ কৰক, নহ’লে আপুনি নিজৰ প্ৰিয়জনৰ মনত আঘাত দি দিব পাৰে । এই পৰিস্থিতি বিশাল আকাৰ ধাৰণ কৰিব । এই আগ্ৰাসী ভাৱ আপোনাৰ স্বাস্থ্যৰ ওপৰতো ক্ষতিকৰ প্ৰভাৱ পেলাব । আজি আপোনাৰ চকু বা কাণৰ বিষ হ’ব পাৰে । দীঘলীয়া এক উশাহ লৈ নিজক শান্ত কৰক । কিন্তু মনত খং ভাৱ লৈ মুখত হাঁহি বিৰিঙাই ফুৰি থকাৰ প্ৰয়োজন নাই । এয়া ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে । মুঠতে, প্ৰয়োজন হ’লে পৰিস্থিতিৰ মোকাবিলা কৰিব ।
কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সমৃদ্ধিশালী আৰু আনন্দদায়ক হ’ব । ব্যাপক আয়বৃদ্ধিৰ সম্ভাৱনা আছে । অন্যান্য উৎসৰ পৰাও লাভ হ’ব পাৰে । বন্ধুসকলৰ সৈতে সময় কটালে আনন্দ লাভ হ’ব লগতে উপকৃত হ’ব । পত্নীসকলৰ পৰা পতিসকলে অভাৱনীয় তথা আকৰ্ষণীয় উপহাৰ পাব পাৰে । ব্যৱসায়ত উন্নতি হ’ব পাৰে । আপুনি যদি অবিবাহিত তেন্তে আজি নিজৰ জীৱনসংগীক লগ পাব পাৰে । সন্তানসকলৰ সৈতে থাকি সময়টো উপভোগ কৰিব । আজি গোটেই দিনটো আপুনি উত্সাহ-উদ্দীপনাৰে ভৰপূৰ হৈ থাকিব । দুশ্চিন্তা আৰু উদ্বেগ আপোনাৰ পৰা দূৰত থাকিব । বাহিৰত ফুৰিবলৈ যাব পাৰে, ভাল খাদ্য উপভোগ কৰিব পাৰে ।
সিংহ ৰাশি: ব্যৱসায়াৰ দিশত আজিৰ দিনটো অসাধাৰণ । আজি সকলো কাম নিখুঁতভাৱে হৈ থকাৰ সম্ভাৱনা আছে । ক্ষমতাশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ পৰা অনুকূল সহযোগিতা লাভ কৰিব । মান-সন্মান বৃদ্ধিৰ যোগ আছে । পিতৃৰ পৰা লাভ আৰু উপকাৰ হ’ব । কাৰ্যালয়ৰ লেনদেনৰ সুফল পাব । স্বাস্থ্য সম্পূৰ্ণ ভালকৈ থাকিব । ঘৰোৱা শান্তি নিশ্চিত । স্থায়ী সম্পত্তিৰ দিশত আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে ।
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ কাৰণে বৰ ভাল । ঘনিষ্ঠ আত্মীয়ৰ সৈতে ফুৰিবলৈ গৈ আনন্দ পাব । কোনো মহিলাৰ পৰা উপহাৰ পাব পাৰে । ধৰ্মীয় ক্ৰিয়া-কলাপ, হয়তো মন্দিৰ দৰ্শন হ’বও পাৰে । বিদেশৰ পৰা সু-সংবাদ পাই আচৰিত হ’ব । ভাই আৰু বন্ধুৰ পৰা উপকাৰ আৰু লাভ পাব । আৰ্থিক লাভ নিশ্চিত ।