মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী দিন । পৰিয়ালত শুভ অনুষ্ঠান হ’ব পাৰে । যিয়ে আপোনাক সেইসকল আত্মীয়, বন্ধুসকলক লগ পোৱাৰ সুযোগ দিব, যিসকলক আপুনি বহুদিন হ’ল লগ পোৱা নাই । তেওঁলোকৰ ফোন নম্বৰ বা ছ’চিয়েল নেটৱাৰ্কিং চাইটৰ আইডি ল’বলৈ নাপাহৰিব । ব্যৱসায় হওক বা আনন্দৰ কাৰণে হওক, নতুন কাম আৰম্ভ কৰাৰ বাবে সময় বহুত ভাল । আপুনি এতিয়া যি কোনো কাম কৰাৰ বাবে অত্যন্ত উদ্যমী হৈ আছে । ক’ব গ’লে আপুনি ইমানেই উদ্যমী হৈ থাকিব যে কোনো পৰিকল্পনাৰ কথা ভালকৈ নুশুনাকৈয়ে সেয়া হাতত লৈ কাম আৰম্ভ কৰিব । কিন্তু এনে কাম ভুলতো নকৰিব ! যি কোনো বস্তু অত্যধিক হোৱাটো ভাল নহয় ! নিজৰ স্বাস্থ্য আৰু আৰ্থিক অৱস্থাৰ প্ৰতি চকু দিয়ক । কোনো কাম প্ৰয়োজনতকৈ অধিক নকৰিব ।
বৃষ ৰাশি: কিবা এটা কথাই আপোনাক এতিয়াও আমনি দি আছে, আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত ল’ব পৰা নাই । কাৰণ যিয়ে নহওক কিয়, এয়া আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মনত দুখ দি থাকিব । পৰিয়ালৰ মাজত সংঘাতৰ কথা তো ক’বই নালাগে । আপোনাৰ মনত আঘাত দিয়া কাৰণটো হ’ল আপুনি পৰিয়ালৰ লোকৰ পৰা সহযোগিতা পাব বুলি আশা কৰিছিলে । কথাবোৰ অলপ ভালকৈ চিন্তা কৰি চাওঁক, কিয় এনেকুৱা হৈ আছে । তেওঁলোকে কিয় আপোনাক বেয়া পাই আছে ? তেওঁলোকে কিয় আপোনাৰ প্ৰেম সম্পৰ্ক মানি লোৱা নাই ? এই সম্পৰ্ক আপোনাৰ কাৰণে কেনেকৈ ভাল হ’ব ? আপুনি প্ৰচণ্ড দুশ্চিন্তাত থাকিব এইবোৰ কথাক লৈ, এয়া আপোনাৰ কামতো বাধা সৃষ্টি কৰিব পাৰে । সাৱধানে থাকক ।
মিথুন ৰাশি: ব্যৱসায় আৰু ব্যৱসায় সম্বন্ধীয় সকলো ধৰণৰ কামৰ বাবে আজিৰ দিনটো বৰ ভাল । আজি আপুনি য’তেই হাত দিব, তাতেই সোণ ফলিব । ইয়াৰ সুফল ভোগ কৰি যাওঁক । ব্যৱসায়-বাণিজ্যত ৰাজহ বৃদ্ধি হ’ব, বিনিয়োগ আদিৰ পৰা অত্যধিক লাভ পাব । বন্ধুসকলৰ দ্বাৰা উপকৃত হ’ব । তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকিব ! যিসকল বৃত্তিধাৰীয়ে নতুন আৰু আকৰ্ষণীয় কাম বিচাৰি আছে, তেওঁলোকে ক’ব গ’লে গুপ্তধনৰ সন্ধান পাই যাব । চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত নিজৰ কামৰ বাবে প্ৰশংসিত হ’ব, তেওঁলোকৰ পদোন্নতি হ’ব পাৰে, কৰ্মক্ষেত্ৰত উন্নতি হ’ব পাৰে । বিবাহ প্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ আৰু বিবাহ বিচ্ছিন্নসকলে যদি দ্বিতীয় বিবাহৰ কথা ভাবি আছে, তেওঁলোকৰ কাৰণেও দিনটো শুভ । কোনো পাৰ্টিত যোৱাৰ আমন্ত্ৰণ পালে নোযোৱাকৈ নাথাকিব । সন্ধিয়া আৰু বহুতো সু-সংবাদ পাব ।
কৰ্কট ৰাশি: আপোনাৰ গ্ৰহ আজি অনুকূল অৱস্থানত বিৰাজ কৰি আছে, গতিকে আপোনাৰ সময়টো ভালে । কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজি ভাগ্য ফলিব ! কালিৰে পৰা আপোনালোকে যি সৌভাগ্য উপভোগ কৰি আছে, সেয়া আজিও অব্যাহত থাকিব । হাঁহিমুখেৰে বিৰল উপহাৰ গ্ৰহণ কৰক । কৰ্মক্ষেত্ৰত আৰু ঘৰত সময়টো অতি উজ্জ্বল । আপুনি পৰিয়ালৰ লোকৰ সৈতে যে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই চলে, সেয়া এক উন্নত ধাৰণা আপোনাৰ বাবে । এই চিন্তাধাৰা আপোনাৰ মাজত বিনা বাধাৰে আহি থাকক, তেনে বিচাৰে নেকি ? ইয়াক উপভোগ কৰক ! মাতৃ আৰু তেওঁৰ জ্ঞান-অভিজ্ঞতাৰ দ্বাৰা উপকৃত হ’ব । এই সকলোবোৰ আপোনাৰ ব্যক্তিগত পৰিসৰক নান্দনিকভাৱে উন্নত কৰি তুলিব । অনুকূল গ্ৰহৰ প্ৰভাৱত আপোনাৰ সন্মান আৰু আৰ্থিক অৱস্থানৰ উন্নতি হ’ব ।
সিংহ ৰাশি:আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । ক’ব গ’লে একো আকৰ্ষণীয় ঘটনা নঘটে ! গৱেষণাগাৰত কাম কৰি প্ৰত্যাশিত ফল পোৱাৰ বাবে আপুনি স্বাভাৱিকৰ তুলনাত অধিক কাম কৰিবলগীয়া হ’ব পাৰে, বা আপোনাৰ মনত যদি কোনো ৰূপৰেখা আছে, সেয়া বাস্তৱায়িত কৰাৰ কাৰণে আপোনাৰ স্বাভাৱিকৰ তুলনাত অধিক সময় লাগিব । ধৈৰ্য ধৰক । এইবোৰ গ্ৰহৰ কাৰণে হৈ আছে । এইবোৰ আপোনাক এলেহুৱা আৰু গোমা কৰি ৰাখিব । আপুনি অত্যধিক চিন্তাত পৰি থাকিব, শৰীৰ ভালে নাযাব বা ভাগৰুৱা অনুভৱ হ’ব । কিবা কথাত আপোনাৰ খং উঠিলেও সেয়া প্ৰকাশ নকৰিব । তৰ্ক-বিতৰ্ক কৰা মানুহৰ পৰা দূৰত থাকক । আজি তৰ্কালোচনা যিমানেই আকৰ্ষণীয় আৰু উত্তেজক নালাগক কিয়, এইবোৰত লিপ্ত হোৱাটো ভাল নহ’ব । এইবোৰৰ পৰা দূৰত থাকিব !
কন্যা ৰাশি: কি কথাত আপুনি ইমান ব্যতিব্যস্ত হৈ আছে ? আপোনাৰ মনত হয়তো অপেক্ষাকৃত কোনো বিদ্ৰোহাত্মক চিন্তা সক্ৰিয় হৈ আছে । আপোনাৰ বন্ধুসকলে আপোনাক খুব সম্ভৱ কোনো অলীক স্বপ্ন দেখুৱাইছে আৰু সেয়া আপোনাৰো সম্ভৱ ভাল লাগি গৈছে আৰু এতিয়া আপুনি সেই স্বপ্নক বাস্তৱায়িত কৰাৰ চেষ্টা কৰিবলৈ বিচাৰি আছে । ধৈৰ্য ধৰি চাওঁকচোন কি হয় ! কোনো বিষয় দেখাত যিমান সহজ যেন লাগে, আচলতে ইমান সহজ নহয়, সেইবোৰৰ পৰিণামো সুখকৰ যেন লাগিলেও তেনেকুৱা মুঠেও নহয় । গতিকে যিয়ে কৰিব ভাবি চিন্তি কৰিব । আপোনাৰ স্বৰূপ আৰু মূল্যবোধৰ বিৰুদ্ধত যোৱা কোনো কাম কৰিবলৈ নাযাব । এইবোৰ কৰিবলৈ গ’লে আপুনি বিপদতহে পৰিব । ব্যয় বৃদ্ধি হ’ব পাৰে আৰু পৰিস্থিতিও হতাশাজনক হ’ব পাৰে । বৰ বেছি উত্তেজিত হৈ নুঠিব, নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক । আপোনাৰ স্বাস্থ্যৰ মূল্য আছে ।