মেষ ৰাশি: কাহ, কফ আৰু সাধাৰণ বিষে আপোনাক অসুবিধাত পেলাব, কিন্তু এইবোৰে আপোনাৰ কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পেলাব নোৱাৰে ৷ কিছু সময় জিৰণি লওক ৷ অলপ সময় ধ্যান আৰু গান শুনি চিন্তা মুক্ত হওক ৷ আনক সহায় কৰিবলৈ নাযাব ৷ এই কথা অলপ আচৰিত হ’লেও এই সময়ত আনক সহায় কৰিবলৈ গৈ আপুনি বিপদত পৰাৰ সম্ভাৱনাই বেছি ৷ ধাৰ লোৱা আৰু দিয়াৰ ক্ষেত্ৰত কিছু সাৱধান হওক ৷ লাভৰ চমু পথ ত্যাগ কৰক ৷
বৃষ ৰাশি: গণেশৰ কৃপাত এটা ভাগ্যশালী দিন ৷ শক্তিশালী মন আৰু ধনৰ দিশ সৱল ৷ ব্যৱসায়ত নতুন কাম আৰু চাকৰিত পদ্দোন্নতিৰ যোগ আছে ৷ ব্যৱসায়ত প্ৰচুৰ ধন লগাব লগাত পৰিব ৷ সৰু ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আগবাঢ়ক, সকলো আপুনি ভবাৰ মতেই হ’ব ৷ নতুন যোগাযোগ হ’ব আৰু সেয়া অধিক ফলবৰ্তি হ’ব ৷ যোগ আৰু ধ্যান কৰক ৷
মিথুন ৰাশি: গণেশৰ কৃপাত আজিৰ দিনটো সকৰাত্মক ভাবে পাৰ হ’ব ৷ ঘৰুৱা পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি ভাল পোৱা কামৰ মাজত আপোনাৰ দিন পাৰ হ’ব আৰু সামাজিক প্ৰতিষ্ঠা লাভ কৰিব ৷ চিনেমা, নিশাৰ আহাৰ আদিয়ে আপোনাৰ আনন্দ আৰু বঢ়াই তুলিব ৷
কৰ্কট ৰাশি: চৰকাৰী চাকৰিয়াল আৰু নতুনকৈ কামত সুমুৱা সকল বিশেষভাৱে কাৰ্যালয়ৰ পৰিবেশৰ দ্বাৰা প্ৰভাৱিত হ’ব ৷ সন্তান আৰু প্ৰিয়জনৰ লগত সুন্দৰ সময় পাৰ হ’ব, খৰচৰ মাত্ৰা বৃদ্ধি হ’ব, কিন্তু আপুনি সেইখিনি ভাল কামত খৰচ কৰিবলৈ পাই সন্তুষ্ট হ’ব ৷
সিংহ ৰাশি: গণেশৰ মতে এটা সম্পুৰ্ণ সুখেৰে ভৰা দিন ৷ আপোনাৰ শাৰিৰিক আৰু মানসিক স্বাস্থ্যই আপোনাৰ কৰ্মকুশলতা বহাব, আৰু কামত আৰু আগবাঢ়িব পাৰিব ৷ আপোনাৰ কামে বচক সুখী কৰিব আৰু তেওঁলোকৰ পৰা ভাল বাৰ্তা লাভ কৰিব পাৰে ৷ এই সৌভাগ্য আপোনাৰ পৰিয়ালৰ লগতো ভাগ কৰক ৷
কন্যা ৰাশি: আইন সংক্ৰান্তীয় কাগজত চহী কৰাৰ আগতে চাই লওক ৷ দিনটো বৰ সফল দেখা নাযায় ৷ আৰু তাৰ ফলত আপুনি মানসিক অসুস্থতা অনুভৱ কৰিব ৷ পৰিয়ালৰ লগত বিশেষ কথাত ভুল বুজাবুজি হ’ব পাৰে ৷ কামৰ বোজাৰ পৰা সাৱধান ৷
তুলা ৰাশি: নতুন আৰম্ভণি, নতুন সম্বন্ধ আৰু সুন্দৰ ভ্ৰমণে আপোনাৰ ভাতৃ-ভগ্নীৰ লগত সম্পৰ্ক ভাল আৰু সন্তুোষপূৰ্ণ কৰাত সহায়ক হ’ব ৷ নতুন ব্যৱসায় আৰম্ভণিৰ উত্তম সময়, বিদেশৰ পৰা ভাল খবৰ পাব পাৰে ৷ আপোনাৰ জমা টকা সুন্দৰ সুতত লাভ কৰিব ৷ শত্ৰুৰ লগত বিজয়ে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷
বৃশ্চিক ৰাশি: আজি এটা মধ্যম দিন ৷ টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ কুশলতা বৃদ্ধি হ’ব আৰু ধৰ্মীয় ক্ষেত্ৰত টকা খৰচ হ’ব ৷ সকলোৰে ব্যবহাৰৰ সলনিৰ ওপৰত চকু দিয়ক, কাৰণ তেওঁলোকে আপোনাৰ বিপক্ষে ষড়যন্ত্ৰ কৰিব পাৰে ৷ আপোনাৰ চাৰিওফালে অলপ বেয়া সময় চলি থকা যেন অনুভৱ হয়, হ’ব এইদৰেই দিনটো পাৰ হ’ব ৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল সময় নহয় ৷
ধনু ৰাশি:গ্ৰহৰ দশা আজি অলপ ভাল ৷ লক্ষ্মী দেৱীৰ কৃপা আপোনাৰ ওপৰত বৰষিব, কামৰ ফল ভোগ কৰক ৷ সামাজিক কামত কৃতকাৰ্য হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্য সকলৰ লগত সময় কটাওক ৷ ভাল শৰীৰ আৰু মনে পৰিয়ালৰ লগত পৰ্যটন ক্ষেত্ৰ ভ্ৰমণত উৎসাহিত কৰিব ৷
মকৰ ৰাশি:খঙৰ ওপৰত কাবু ৰাখক ৷ দিনটোৰ বেছিভাগ সময় টকাৰ লোকচানৰ বাবে যন্ত্ৰণাৰ মাজত কটাব লাগিব ৷ প্ৰিয়জনৰ লগত কাজিয়া হ’ব আৰু আইনী কাৰ্যই আপোনাক মানসিকভাৱে অপকাৰ কৰিব ৷ শান্ত থাকক আৰু এইবোৰ জীৱনৰ একোটা অংশ বুলি ভাবি লওক আৰু সোঁতৰ লগত উটি যাওক ৷
কুম্ভ ৰাশি: গ্ৰহৰ দশা ভাল, আপুনি কৰা কামৰ বাবে উপহাৰ আশা কৰিব পাৰে ৷ পৰিয়াল আৰু সন্তানৰ লগত সময় কটাব পাৰিব, নতুন কাম আৰম্ভ কৰাৰ উত্তম সময়, সেয়া ব্যৱসায়ৰ বা সন্তানৰ ক্ষেত্ৰতো হ’ব পাৰে ৷ আপোনাৰ দক্ষতা বৃদ্ধি হ’ব আৰু সামাজিকভাৱে সন্মান লাভ কৰিব ৷ ভ্ৰমণৰ সুন্দৰ যোগ আছে ৷
মীন ৰাশি: কাৰ্যক্ষেত্ৰ আৰু পাৰিবাৰিক বিষয়ত এটা ভাগ্যশালী দিন বুলিব পাৰি ৷ ইশ্বৰৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু লক্ষ্মী দেৱীৰ কৃপা বৰষি থাকিব ৷ ব্যৱসায়ত উন্নতি হ’ব আৰু ধাৰে দিয়া টকা ঘূৰাই পাব ৷ পিতৃৰ শুভকামনাৰ ফলত সমাজত আপোনাৰ স্থান উন্নত হ’ব ৷ শৰীৰৰ পৰা একো অসুবিধা নোপোৱাকৈ দিন পাৰ কৰিব পাৰিব ৷