অসম

assam

ETV Bharat / bharat

Daily Horoscope For 15th December: কেনে যাব আপোনাৰ আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 15th December 2023
কেনে যাব আপোনাৰ আজিৰ দিনটো

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 6:01 AM IST

মেষ ৰাশি: আপোনাৰ ভাগ্য গ্ৰহ আজি আপোনাৰ লগত নাই; আপুনি সাৱধানতা অৱলম্বন কৰা উচিত । কৰ্মস্থলীত কাম পৰিচালনা কৰোঁতে আপুনি কঠিনতাৰ সন্মূখীন হ’ব । জ্যেষ্ঠ কৰ্মীৰ লগত কথা পাতোতে নম্ৰ হওক, ই আপোনাক উপকৃত কৰিব । দিনটোৰ পিছৰ ভাগত পৰিস্থিতি উন্নত হ’ব । কৰ্মস্থলীত পৰিবেশ ভালে থাকিব । আৰ্থিক লাভৰ সম্ভাৱনা আছে ।

বৃষ ৰাশি: আপুনি অধিক সংবেদনশীল আৰু অস্থিৰ হৈ থাকিব যিয়ে আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে । আপোনাৰ মনৰ পৰিৱৰ্তনে সম্পৰ্ক নষ্ট কৰিব পাৰে; মনক নিয়ন্ত্ৰণ কৰক আৰু কথা কওতে লক্ষ্য দিয়ক । কৰ্মস্থলীত বাধাৰ সন্মূখীন হ’ব পাৰে, নতুন কাম আৰম্ভ কৰাটো আজিৰ বাবে এৰাই চলক । জ্যেষ্ঠ, সহকৰ্মী বা বিৰোধীৰ লগত বিবাদত লিপ্ত নহ’ব । আপোনাৰ কাম সফলতাৰে সম্পূৰ্ণ কৰাত অলপ পলম হ’ব পাৰে ৷ ধৈৰ্য ধৰক । ধ্যান সাধনাই আপোনাক কিছু সকাহ প্ৰদান কৰিব ।

মিথুন ৰাশি: এয়া চিন্তামুক্ত হোৱা তথা আনন্দ লোৱাৰ সময় । আপোনাক আনন্দ দিয়া বহুতো কাৰ্যত আপুনি আজি অংশগ্ৰহণ কৰিব ৷ বজাৰ কৰা, খোৱা, ৰোমান্সকৰ খেলা আৰু আনন্দ উপভোগ কৰা যিয়েই হওক আপুনি এনে কৰাত আনন্দ লাভ কৰিব । খং ত্যাগ কৰক । অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক । আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে । যোগাসনে আপোনাক শান্ত কৰিব পাৰে আৰু অপ্ৰত্যাশিত পৰিস্থিতি চম্ভালিবলৈ সাহস প্ৰদান কৰিব ।

কৰ্কট ৰাশি:এটা আনন্দময় দিন । কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিবেশে আপোনাৰ মন সলনি কৰিব পাৰে । আপোনাৰ প্ৰতিদ্বন্দীয়ে কৰ্মস্থলীত বেয়া প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে । মাতৃৰ ফালৰ পৰা ভাল খবৰে ঘৰৰ পৰিবেশ অধিক আনন্দময় কৰি তুলিব । আপোনাৰ মানসিক আৰু শাৰীৰিক স্থিতি আজি সৰ্বশ্ৰেষ্ঠ হৈ আছে । কোনো বৌদ্ধিক চৰ্চাত ভাগ ল’বলৈ আৰু তীক্ষ্ণ নিৰীক্ষণৰ বাবে উত্তম সময় । সমাজত নাম খ্যাতি লাভ কৰিব পাৰে । ব্যৱসায়ত লাভ ।

সিংহ ৰাশি: প্ৰেম লাভ কৰিব । আপোনাৰ সংগীক আজি লগ পাব পাৰে । আপোনাৰ মন-মেজাজক নিয়ন্ত্ৰণ ৰাখক অথবা ই পৰিস্থিতি বেয়া কৰিব পাৰে । শাৰীৰিকভাৱে, আপুনি অলপ দুৰ্বল হৈ থাকিব পাৰে, পাচন প্ৰক্ৰিয়াৰ সমস্যা হ’ব পাৰে ৷ দিনটো দ্বিতীয়ভাগত আপুনি উন্নত অনুভৱ কৰিব পাৰে । আপুনি অধিক আনন্দময় আৰু উত্‍সাহিত অনুভৱ কৰিব । ব্যৱসায়ত আপোনাৰ অধিনস্থসকলৰ বাবে লাভ অৰ্জন কৰিব পাৰে; আপোনাৰ প্ৰতিদ্বন্দীয়ে আপোনাক ঈৰ্ষা কৰিব পাৰে । তথাপিও আপোনাৰ একো হানি কৰিব নোৱাৰে ৷

কন্যা ৰাশি:আজি আপুনি এলেহুৱা আৰু দুৰ্বল হৈ থাকিব । আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে । কামবোৰ সময়মতে সমাপ্ত কৰিব নোৱাৰাটোৱে আপোনাক হতাশ কৰিব । আপোনাৰ চিন্তাৰ প্ৰধান কাৰণ হ’ব আপোনাৰ সন্তান । ভ্ৰমণৰ পৰিকল্পনা আন দিনলৈ পিছুৱাই দিয়ক ।

তুলা ৰাশি:নতুন কাম আৰম্ভ কৰিবৰ বাবে সৌভাগ্যশীল আৰু উপযুক্ত দিন । শৈশৱৰ বন্ধুক লগ পোৱাটোৱে আপোনাৰ দিনটো অধিক আনন্দময় কৰি তুলিব । আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব । সন্ধিয়াবেলা অসন্তুষ্ট হ’ব পাৰে, আৰু ই পৰিয়ালত বিবাদৰ সৃষ্টি কৰিব পাৰে । আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । সম্পত্তি আৰু সম্পদৰ বিষয়ত সতৰ্ক হওক । প্ৰয়োজন সাপেক্ষে সাৱধানতা অৱলম্বন কৰক ।

বৃশ্চিক ৰাশি: কোনো নিৰ্দ্দিষ্ট কাম সময়মতে সম্পূৰ্ণ কৰি, কামটো বেয়া হোৱাৰ ভাৱনাৰে আপোনাক দিনটো বেৰি ৰাখিব ৷ কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ঘৰত আপুনি কোনো সম্পৰ্ক বেয়া কৰিব পাৰে, তথাপিও আপুনি শীঘ্ৰেই সেয়া সমাধান কৰিব আৰু ভাতৃ-ভগ্নীৰ লগত মিলি সময় কটাব পাৰিব ৷

ধনু ৰাশি:দিনটো শুভ ৷ আৰ্থিক লাভ আৰু কৰ্মত সফলতা লাভ কৰিব ৷ ই আপোনাক উত্‍সাহিত কৰিব আৰু আপুনি সকলো কামতে আগভাগ ল’ব তথা উত্‍সাহ প্ৰদৰ্শন কৰিব ৷ সন্ধিয়া, মন্দিৰ দৰ্শন কৰক আৰু অলপ সময় নিৰিবিলিভাৱে বহক ৷ ঘৰত তথা কৰ্মস্থলীত আপুনি চাপ অনুভৱ কৰিব ৷ অপ্ৰয়োজনীয় ব্যয়ৰ পৰা বিৰত থাকক ৷

মকৰ ৰাশি: দিনটোৰ প্ৰথমভাগত আপুনি আক্ৰমণাত্মক আৰু বিৰক্ত হৈ থাকিব ৷ আপোনাৰ মনৰ পৰিৱৰ্তনক লক্ষ্য কৰক, ব্যক্তিগত সম্পৰ্কত আঘাত সানিব পাৰে ৷ প্ৰিয়জনৰ লগত বিবাদত লিপ্ত হ’ব পাৰে আৰু কাৰোবাক আহত কৰিব পাৰে ৷ এনে পৰিস্থিতি এৰাই চলিবৰ বাবে, মনে মনে থাকিবলৈ চেষ্টা কৰক আৰু ধ্যান সাধনা কৰক; ই নিশ্চয় আপোনাক শান্তিপূৰ্ণ মন প্ৰদান কৰিব ৷ দিনটোৰ দ্বিতীয়ভাগত পৰিস্থিতি উন্নত হ’ব ৷ ঘৰৰ পৰিবেশ শান্ত আৰু আনন্দময় হ’ব ৷ বিবাহিত লোকসকলে বৈবাহিক আনন্দ লাভ কৰিব ৷ সন্ধিয়া কোনো শুভ অনুষ্ঠানত উপস্থিত থাকিব পাৰে ৷

কুম্ভ ৰাশি:দিনটো ফলপ্ৰসূ হ’ব যেন আভাস হয় ৷ সামাজিক কামত আপোনাৰ সক্ৰিয় অংশগ্ৰহণে আপোনাক উত্‍সাহিত কৰিব আৰু আপোনাক মান্যতা প্ৰদান কৰিব ৷ অবিবাহিতসকে তেওঁলোকৰ সংগীক লগ পাব পাৰে, যি ঘৰত আনন্দ আৰু উদ্দীপনা সৃষ্টি কৰিব ৷ আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ অত্যাধিক ব্যয় নকৰিব ৷ দিনটো শুভ হওক!

মীন ৰাশি:এটা আনন্দময় দিন ৷ আপোনাৰ ব্যৱসায়ে বিস্তাৰ লাভ কৰিছে আৰু আপোনাক বিভিন্ন স্থানলৈ লৈ যোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ কামৰ দ্বাৰা আপোনাৰ জ্যেষ্ঠসকল সন্তুষ্ট হৈছে আৰু ই আপোনাৰ প্ৰতি তেওঁলোকৰ ইতিবাচন মনোভাৱক দৰ্শাই ৷ আপোনাৰ লাভ আৰু আয় বৃদ্ধি পাব ৷ পিতৃ আৰু অন্য বয়োজেষ্ঠসকলৰ তেওঁলোকৰ আশীৰ্বাদৰ বাবে ধন্যবাদ দিয়ক ৷ বৰ্তমানৰ আনন্দময় সময় উপভোগ কৰক ৷ দান বা অনুদান প্ৰদান কৰি আপোনাৰ দিনটোৰ অন্ত পেলাওক ৷

ABOUT THE AUTHOR

...view details