নিউজ ডেস্ক, 13 ডিচেম্বৰ :কুন্নুৰত সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাৰ (Coonoor Chopper crash) অন্তিম মূহুৰ্তৰ ভিডিঅ’ কৰা ম’বাইলটো ফৰেন্সিক বিজ্ঞানাগৰলৈ প্ৰেৰণ কৰিছে নীলগিৰি আৰক্ষীয়ে ৷ ইয়াৰ দ্বাৰা আৰক্ষীয়ে কৰিব খুজিছে আন এক তদন্ত ৷ যিটো অঞ্চলত হেলিকপ্টাৰখন ভূ-পতিত হৈছিল, সেই স্থানত জীৱ-জন্তুৰ বিচৰণ থলী হোৱা হেতু জনসাধাৰণৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা আছিল (Prohibition to enter people in Coonoor forest area)৷ তাৰ পাচতো কিয় মানুহ তালৈ গৈছিল, সেই অনুসন্ধান কৰিব খুজিছে নীলগিৰি আৰক্ষীয়ে ৷
যোৱা 8 ডিচেম্বৰত ভাৰতীয় বায়ুসেনাৰ Mi 17V5 হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হৈছিল সেই স্থানত (Mi 17V5 chopper chrashed in Coonoor) ৷ এই হেলিকপ্টাৰখনত আছিল ভাৰতীয় সেনাবাহিনীৰ সৰ্বাধিনায়ক জেনেৰেল বিপিন ৰাৱাট (CDS Gen Bipin Rawat on board the crashed chopper) আৰু তেওঁৰ পত্নীসহ 14জনকৈ আৰোহী ৷ চুলুৰ বায়ুসেনা চাউনীৰ পৰা যাত্ৰা আৰম্ভ কৰা হেলিকপ্টাৰখনৰ গন্তব্যস্থল আছিল ৱেলিংটন ৷ কিন্তু কুন্নুৰত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন (IAF chopper crashed in Tamilnadu)৷
এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই জেনেৰেল বিপিন ৰাৱাট(Gen Bipin Rawat died by chopper crash), তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী সেনা বিষয়াই ৷ 14 জন যাত্ৰীৰ মাজৰ কেৱল গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ প্ৰাণ ৰক্ষা পৰে দুৰ্ঘটনাটোত (Lone survivor of Coonoor chopper crash) ৷ বৰ্তমান বৰুণ সিং বেংগালুৰুত চিকিৎসাধীন হৈ আছে ৷
জ’ ওৰফে কুট্টি হৈছে কইম্বাটুৰৰৰ এগৰাকী ফটোগ্ৰাফাৰ ৷ নিজৰ বন্ধু আৰু পৰিয়ালৰ লোকৰ সৈতে সেই জংঘললৈ ফটো তুলিবলৈ গৈছিল জ’ ৷ কিন্তু তাৰ পৰিৱৰ্তে হেলিকপ্টাৰখন ভূ-পতিত হোৱাৰ আগমূহুৰ্তৰ ফটো-ভিডিঅ’ জ’ৰ কেমেৰাত আৱদ্ধ হোৱা বুলি জানিব পৰা গৈছে ৷ যাৰ বাবে নীলগিৰি আৰক্ষীয়ে ম’বাইলটো হস্তগত কৰাৰ লগতে জ’ক ঘটনাৰ অধিক তথ্যৰ বাবে সোধা-পোচা কৰিছে ৷ ইতিমধ্য়ে ম’বাইলটো কইম্বাটুৰৰ ফৰেন্সিক বিজ্ঞানাগাৰলৈ পৰীক্ষাৰ বাবে পঠোৱা হৈছে (Mobile sent for forensic test used to record Coonoor chopper crash)৷