আগৰতলা, 22মাৰ্চ:দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে দলীয় এক সভাত অংশগ্ৰহণ কৰে ৷ এই সভাতেই তেওঁ ৰাজ্য খনত এতিয়াও ভূত আছে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, ৰাজ্যত স্বায়ত্ব জিলা পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে চি পি আই(এম)ৰ গভীৰ কাৰ্য-কলাপৰ ওপৰত নজৰ দিয়া উচিত ৷
উল্লেখ্য যে, দলীয় কৰ্মকৰ্তা তথা পৃষ্ঠ প্ৰমূখ সকলে হওঁক চি পি আই(এমে) ৰাজ্য খনত নিজৰ অস্তিত্ব হেৰুৱাইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ৷
আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এডিচিৰ বাবে পূৰ্বৰ চৰকাৰৰ সময়ত সঠিক বাজেটো নাই । বাওঁপন্থী মৰ্চা আৰু ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব জিলা পৰিষদে ৰাজ্যখনত দীৰ্ঘ দিন ধৰি ক্ষমতাত আছিল ৷ কিন্তু এডিচি অঞ্চলত বাস কৰা লোকসকলৰ বাবে কোনো উন্নয়ন হোৱা নাছিল ৷ বাওঁপন্থী চৰকাৰৰ হাতত স্বায়ত্ব জিলা পৰিষদৰ বাবে পৰ্যাপ্ত বাজেট নাছিল ৷ কিন্তু, বিজেপি চৰকাৰে স্বায়ত্ব জিলা পৰিষদ অঞ্চলৰ সৰ্বাংগীণ বিকাশৰ বাবে অতিৰিক্ত বাজেট আনিছিল বুলি এই ৰাজহুৱা সভাতে মন্তব্য কৰে ৷