ৰায়পুৰ (চট্টিশগড়) 5 নৱেম্বৰ:চট্টিশগড় চৰকাৰৰ নতুন ঔদ্যোগিক নীতি প্ৰণয়ন ৷ স্পঞ্জ লোহা আৰু ষ্টিল খণ্ডৰ আল্ট্ৰা মেগা প্ৰকল্পত বিনিয়োগ কৰিবলৈ উৎসাহ জনোৱাৰ বাবে এই নতুন ঔদ্যোগিক নীতি প্ৰণয়ন কৰা হৈছে ৷
এক চৰকাৰী বিবৃতি অনুসৰি স্পঞ্জ লোহা আৰু ষ্টিল খণ্ডৰ উদ্যোগ সমূহৰ বাবে অঞ্চল অনুযায়ী ৰাজ সাহাৰ্যৰ পৰিমাণ 60 শতাংশৰ পৰা 150 শতাংশলৈ বৃদ্ধি কৰা হৈছে ৷ ইয়াৰ উপৰিও এই পদক্ষেপৰ অধীনত ইনভেষ্টমেন্ট ইনচেনটিভৰ বাবে সৰ্বোচ্চ 500 কোটি (বস্তৰৰ বাবে 1000 কোটি) টকা থাকিব ৷
এই সুবিধা লাভ কৰিবলৈ হ'লে প্ৰস্তাৱিত ইউনিট সমূহে 2024 চনৰ 31 অক্টোবৰৰ পৰা উৎপাদন আৰম্ভ কৰিব লাগিব ৷ যিকেইটা নতুন ইউনিটে স্থায়ী পুঁজি বিনিয়োগ নিধি 100 কোটি টকা বিনিয়োগ কৰাৰ পাছত ব্যৱসায়িক উৎপাদন আৰম্ভ কৰিছে সেই ইউনিট সমূহক বিত্তিয় বিনিয়োগ ইনচেনটিভ প্ৰদান কৰা হ'ব ৷