নেশ্যনেল ডেস্ক, 20 জানুৱাৰী:ছত্তিশগড়ৰ ৰায়পুৰত বিবাহৰ প্ৰলোভন দি এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (Rape case Chhattisgarh) ৷ বিজেপি নেতাৰ পুত্ৰই এই ধৰ্ষণকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ঘটনা অনুসৰি ছত্তিশগড়ৰ বিজেপি নেতা নাৰায়ণ চান্দেলৰ পুত্ৰ (BJP Narayan Chandel son Palash Chandel) পলাশ চান্দেলে 2019 বৰ্ষৰ পৰা এগৰাকী যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল ৷ যুৱতীগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি দি পলাশে 2022 চনলৈ যুৱতীগৰাকীৰ লগত শাৰীৰিক সম্পৰ্ক অব্যাহত ৰাখিছিল (Rape of woman pretext of marriage) ৷ শাৰীৰিক সম্পৰ্কত অনুমতি নিদিলে পলাশে যুৱতীগৰাকীক শাৰীৰিকভাৱে উৎপীড়নো চলাইছিল ৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে বিয়াৰ কথা ক’লেই পলাশে কথাৰ পৰা ফালৰি কাটিছিল ৷ এই কথাক লৈ দুয়োৰে মাজত প্ৰায়েই তুমুল বিতৰ্কৰো সৃষ্টি হৈছিল ৷
লগতে পঢ়ক:Husband inserted rod in wife body: ঘৰুৱা বিবাদৰ বাবেই পত্নীৰ দেহত পাঁচ ফুট দীঘল ৰড ভৰালে বিনোদে
অৱশেষত ভুক্তভোগী যুৱতীগৰাকীয়ে 18 জানুৱাৰীত ৰায়পুৰৰ মহিলা আৰক্ষী চকীত পলাশৰ বিৰুদ্ধে লিখিত (FIR at Raipur Women police station) অভিযোগ দাখিল কৰিছিল। এই ক্ষেত্ৰত মহিলা আৰক্ষী থানাই পলাশ চান্দেলৰ বিৰুদ্ধে জিৰোত এটা গোচৰ ৰুজু কৰাৰ লগতে পলাশৰ গোচৰটো জাঞ্জগিৰ চম্পালৈ প্ৰেৰণ কৰিছে।