নেচনেল ডেস্ক, 13 ফেব্ৰুৱাৰী:পঞ্জাৱৰ তৰ্ণ তৰন জিলাৰ কাষৰ আন্তঃৰাষ্ট্ৰীয় সীমাত বিএচএফৰ সৈন্যই এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা কৰে ৷ শনিবাৰে সেনাৰ এগৰাকী বিষয়াই এই কথা সদৰী কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি বিএচএফৰ সৈন্যই সীমান্ত অঞ্চলৰ কাটা তাঁৰৰ কাষত শনিবাৰে পুৱতি নিশা প্ৰায় 2:30 ত কিছু সন্দেহজনক কাৰ্যকলাপ প্ৰত্যক্ষ কৰে ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি বিপদৰ আশংকা কৰি গুলীচালনা কৰে বিএচএফে ৷ শনিবাৰে ৰাতিপুৱা অঞ্চলটোত এক সন্ধান অভিযান চলাই বিএচএফৰ সৈন্যই পাকিস্তানী অনুপ্ৰৱেশকাৰী জনক উদ্ধাৰ কৰে ৷