নিউজ ডেস্ক, 30 জুলাই :আপুনি কেতিয়াও প্ৰেম আৰু বন্ধুত্বক এৰাই চলিব নোৱাৰে ৷ আপোনাৰ জীৱনৰ আটাইতকৈ ভাল কামটোৰ পৰা আৰম্ভ কৰি একেবাৰে বেয়া কামটোলৈকে বন্ধুত্বৰ প্ৰয়োজনীয়তা হয়তো নক'লেও আপুনি অনুভৱ কৰিছে ৷ ঠিক সেইদৰে প্ৰেম ও মানুহৰ জীৱনৰ এটা এৰাব নোৱাৰা অনুভৱ ৷
বলীউডৰ বেছিভাগ চলচিত্ৰই প্ৰেম আৰু বন্ধুত্বকে বেছি গুৰুত্ব দিয়া দেখা যায় ৷ বলীউডৰ চলচিত্ৰসমূহৰ কিছুমান বন্ধুত্ব সম্পৰ্কীয় ডাইলগ এতিয়াও আমাৰ মাজত পৰিচিত ৷ আপুনি কলেজৰ দিনবোৰলৈ মনত পেলাওক চোন, Kush Kush Hota Hai চিনেমাখন কিমান জনপ্ৰিয় আছিল ৷ চিনেমাখনৰ এটা ডাইলগ আপোনাৰ হয়তো এতিয়াও মনত আছে ৷
Pyar dosti hai...agar woh meri sab se achchi dost nahin ban sakti, to main usse kabhi pyar karhi nahi sakti...kyun ki dosti bina toh pyar hota hi nahin..simple,pyar dosti hai. ৷
ভূল নুবুজিব আপুনি হয়তো আপোনাৰ প্ৰিয়গৰাকীৰ আগত এই ডাইলগতো বহু বেছিয়ে ব্যৱহাৰ কৰিছিল ৷ আপোনাৰ প্ৰিয়গৰাকীয়ে যেতিয়া কাজিৰা কৰাৰ পাচত ক্ষমা খোজে, তেতিয়া আপুনি হয়তো কৈছিল, dosti Ka ek usool hai madam-no sorry, no thank you ৷ এই ডাইলগটো আছিল Maine pyaar kiya হিন্দী ছবিখনৰ ৷
আপোনাৰ প্ৰিয়জন বহু বেছি দুষ্ট নেকি ? বেয়া নাভাবিব তেওঁৱে আপোনাৰ প্ৰিয় বন্ধু হ'ব পাৰে ৷ মনত আছেনে Heropanti ছবিখনৰ সেই জনপ্ৰিয় ডাইলগটো-Jo dost kamine nahi hote, woh kamine dost nahi hote...