নেশ্যনেল ডেস্ক, ১৪ আগষ্ট: তৃণমূল কংগ্ৰেছক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য ত্ৰিপুৰা বিজেপিৰ সাধাৰণ সম্পাদক কিশোৰ বৰ্মনৰ । শুকুৰবাৰে তেওঁ অভিযোগ উত্থাপন কৰে যে, তৃণমূল কংগ্ৰেছে ক্ষমতা দখলৰ স্বাৰ্থত নীতি বহিৰ্ভূত কাম কৰিবলৈ আৰম্ভ কৰিছে । বিজেপিৰ যুৱ মৰ্চা আৰু মহিলা মৰ্চাই যুটীয়াভাৱে আয়োজন কৰা ৰেলীত অংশ লৈ তেওঁ অভিযোগ উত্থাপন কৰে যে, তৃণমূল কংগ্ৰেছে ক্ষমতা দখলৰ কু-অভিসন্ধি ৰচিছে । আনকি, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক হত্যা কৰাৰো ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে ।
এই অভিযোগ উত্থাপন কৰাৰ কাৰণ দৰ্শাই তেওঁ কয় যে, যোৱা ৩ আগষ্টৰ আবেলি মুখ্যমন্ত্ৰীয়ে আগৰতলা চহৰত খোজকাঢ়ি থকা সময়ত এখন দ্ৰুতবেগী বাহনে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বেষ্টনী ভাঙিবলৈ চেষ্টা কৰিছিল । তেওঁ কয় যে, এয়া কোনো সাধাৰণ ঘটনা নহয় । পূৰ্ব পৰিকল্পিতভাৱে এই ঘটনা সংঘটিত কৰা হৈছে বুলি তেওঁ অভিযোগ তোলে । তৃণমূল কংগ্ৰেছৰ নেতাসকলে ইয়াৰ জৰিয়তে কু-অভিসন্ধি কৰিছে বুলিও তেওঁ অভিযোগ কৰে ।