নিউজ ডেস্ক, 26 অক্টোবৰঃআজিৰ দিনত শৌচালয়ৰ অভাৱত লঘোণে থকাটো নিশ্চয়কৈ শুনিবলৈ আচহুৱা লাগিব পাৰে ৷ কিন্তু এনে ঘটনাই সংঘটিত হৈছে বিজেপি শাসিত উত্তৰ প্ৰদেশৰ হাৰদৈ জিলাত ৷ জিলাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবকা সাথ সবকা বিকাশ নীতি, সম্পূৰ্ণ অনাময় আৰু মহিলাৰ বাবে থকা অন্যান্য সকলো আঁচনি এতিয়া ধোৱাচাঙত উঠিছে ৷ যাৰবাবে জিলাখনৰ গুৰগুজ্জা নামৰ গাঁৱখনৰ মহিলাসকলে এক অনন্য পন্থা অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰিছে ৷
লগতে পঢ়কঃ নৱগ্ৰহত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন খগেন শৰ্মাৰ শেষকৃত্য
ইটিভি ভাৰতৰ হাতত আহি পৰিছে এই তথ্য ৷ হাৰদৈ জিলাখনৰ গুৰগুজ্জা গাঁৱখনৰ প্ৰায় শতাধিক মহিলাই লঘোণে থাকে ৷ মহিলাসকল লঘোণে থকাৰ একমাত্ৰ কাৰণ হৈছে গাঁৱখনত শৌচালয়ৰ অভাৱ ৷ আনহাতে,পৰিৱেশ আৰু স্বাস্থ্যৰ প্ৰতি সংবেদনশীল গাঁৱখনৰ মহিলাসকলে বিগত দিনসমূহত অনাময় ব্যৱস্থাৰ বাবেই মুকলিত শৌচ কৰাৰ পৰাও বিৰত আছে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিয়াগোম চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গাঁৱখনৰ মহিলাসকলে চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে চৰকাৰী ধনৰ অপচয় কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷