নিউজ ডেস্ক, 4 মে' : সাগৰীয় ধুমুহা ফেনীৰ উৎপত্তি হৈছিল বংগোপসাগৰত ৷ সাপৰ ফনাৰ ওপৰত আধাৰ কৰি বাংলাদেশে দিছিল এই নাম ৷ বিগত 20 বছৰত অহা অন্যতম বিধ্বংসী ধুমুহা ফেনী ৷ 1999 চনত অহা প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত 270ৰ পৰা 300 কি:মি: বেগেৰে বলিছিল বতাহ ৷ শুকুৰবাৰে পুৱাৰ ভাগত ওড়িশাৰ উপকূল অঞ্চলত খুন্দা মৰাৰ পাচতে প্ৰচণ্ড ধুমুহা-বৰষুণে তাণ্ডৱ চলায় ৰাজ্যখনত ৷ বিগত 126 বছৰত ধুমুহা অথবা ঘূৰ্ণী বতাহৰ ওপৰত চলোৱা বিশ্লেষণত 14টা এই ধৰণৰ তৃতীয় অথবা চতুৰ্থ শ্ৰেণীৰ ধুমুহা আহিছে ৷
কি হয় এই ফেনী ?
ফেনী ঘূৰ্ণী বতাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৈদ্যুতিক সেৱা ৷ ভুৱনেশ্বৰত খহি পৰিছে 10,000তকৈও অধিক বৈদ্যুতিক খুঁটা ৷ খহি পৰিছে বিভিন্ন অট্টালিকা ৷ গছ-গছনি উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ৷ শনিবাৰে নিশাৰ ভিতৰত ভুৱনেশ্বৰ,কটক আৰু গঞ্জম,ময়ুৰভঞ্জ,খুৰ্দা জিলাত বিদ্যুৎ যোগান ধৰিব বুলি প্ৰকাশ কৰিছে শক্তিবিভাগে ৷
ফেনীৰ ঘূৰ্ণী বতাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বৈদ্যুতিক সেৱা ৷ ভুৱনেশ্বৰত খহি পৰিছে 10,000তকৈও অধিক বৈদ্যুতিক খুঁটা ৷ খহি পৰিছে বিভিন্ন অট্টালিকা ৷ গছ-গছনি উভালি পৰাৰ ফলত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ৷ শনিবাৰে নিশাৰ ভিতৰত ভুৱনেশ্বৰ,কটক আৰু গঞ্জম,ময়ুৰভঞ্জ,খুৰ্দা জিলাত বিদ্যুৎ যোগান ধৰিব বুলি প্ৰকাশ কৰিছে শক্তিবিভাগে ৷ উল্লেখ্য যে, ফেনী (Fani) বাংলাদেশত যাক ফ'ণী ( Foni) উচ্চাৰণ কৰা হয় । এই ফেনীয়ে ইতিমধ্য ওড়িশা আৰু বংগোপসাগৰীয় উপকূলীয় অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতিসাধন কৰিছে ।