নিউজ ডেস্ক, 27 আগষ্ট: ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু পত্নী তথা বলিউড অভিনেত্ৰী অনুষ্কা শৰ্মা অতি সোনকালে হ'বলৈ গৈ আছে পিতৃ-মাতৃ ৷ বিৰাট কোহলীয়ে টুইটাৰত এখন ফটো শ্বেয়াৰ কৰি এই খবৰ প্ৰদান কৰে ৷
বিৰাট কোহলীয়ে অনুষ্কা শৰ্মাৰ সৈতে ফটো শ্বেয়াৰ কৰি লিখে, 'আৰু পাছত, আমি তিনি আছিলো ! জানুৱাৰী 2021 ত আহি আছে ৷ '