নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : পুলৱামা কাণ্ডৰ বিৰুদ্ধে আমেৰিকাস্থিত পাকিস্তানী দূতাবাসৰ সন্মূখত প্ৰতিবাদ প্ৰবাসী ভাৰতীয়ৰ। ১০০ জনতকৈও অধিক প্ৰতিবাদীয়ে শুকুৰবাৰে 'পাকিস্তান মূৰ্দাবাদ' ধ্বনি প্ৰদান কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
পুলৱামা কাণ্ডৰ বিৰোধিতাৰে প্ৰবাসী ভাৰতীয়ৰ প্ৰতিবাদ
'পাকিস্তান মূৰ্দাবাদ' ধ্বনিৰে প্ৰতিবাদ প্ৰবাসী ভাৰতীয়ৰ।
etv bharat
শুকুৰবাৰে পুৱাই হাতে-হাতে ত্ৰিৰংগা পতাকা ,বেনাৰ -প্লে কাৰ্ড লৈ পাকিস্তান দূতাবাসৰ সন্মূখত উপস্থিত হয় প্ৰবাসী ভাৰতীয় লোক। '৯/১১ পাকিস্তান','২৬/১১ পাকিস্তান', 'পাকিস্তান হত্যাকাৰী', 'সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তান' ইত্যাদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।
উল্লেখ্য যে, পুলৱামা কাণ্ডৰ পাচৰে পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন অঞ্চল পাকিস্তান বিৰোধী প্ৰতিবাদেৰে কঁপাই তুলিছে ভাৰতীয় সম্প্ৰদায়ৰ লোকে।