তামিলনাডু,8 মাৰ্চঃআজি আন্তৰ্জাতিক নাৰী দিৱস ৷ নাৰী দিৱসৰ লগত সংগতি ৰাখি দেশৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ ৷ তামিলনাডুত নাৰী দিৱসৰ লগত সংগতি ৰাখি একাংশ মহিলাই কইম্বাটোৰৰ পৰা চালেমলৈ চলা উদয় এক্সপ্ৰেছত ভিন্ন বিভাগত কাম কৰি যথাৰ্থতে দিৱসটো উদযাপন কৰে ৷
নাৰী দিৱস উপলক্ষে তামিলনাডুৰ মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ
আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি তামিলনাড়ুৰ একাংশ মহিলাই কইম্বাটোৰৰ পৰা চালেমলৈ চলা উদয় এক্সপ্ৰেছত ভিন্ন বিভাগত কাম কৰি যথাৰ্থতে দিৱসটো উদযাপন কৰে ৷ বিভাগীয় কৰ্তৃপক্ষই চালকৰ আসনত বহা দুয়োগৰাকী মহিলাক ফুলৰ থোপাৰে চালেম ৰে’লৱে ষ্টেচনত সম্বৰ্ধনা জ্ঞাপন কৰে ৷
ব্যতিক্ৰমী নাৰী দিৱস
দুগৰাকী মহিলাই চালকৰ ভূমিকা গ্ৰহণৰ পৰিৱৰ্তে অন্য মহিলাসকলে টিকট বিতৰককে ধৰি ভিন্ন ভূমিকা পালন কৰে ৷ বিভাগীয় কৰ্তৃপক্ষই চালকৰ আসনত বহা দুয়োগৰাকী মহিলাক ফুলৰ থোপাৰে চালেম ৰে’লৱে ষ্টেচনত সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মহিলা চালক দুগৰাকীক উৎসাহ জনাবৰ বাবে ৰে’লৱে কৰ্তৃপক্ষই এই পদক্ষেপ গ্ৰহণ কৰে ৷ মহিলা দুগৰাকীৰ ভূমিকাত সন্তোষ প্ৰকাশ কৰে যাত্ৰীসকলে ৷
লগতে চাওকঃঅসম্পূৰ্ণ হৈ ৰ’ল টীম ইণ্ডিয়াৰ সপোন