অসম

assam

দিল্লীত দুই জ্যেষ্ঠ আৰক্ষীৰ দেহত ধৰা পৰিল COVID-19

By

Published : Jun 1, 2020, 10:47 PM IST

কেন্দ্ৰীয় দিল্লীৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত চিকেণ্ডৰ আৰু অপৰাধ শাখাৰ পৰিদৰ্শক কুলদ্বীৰ যাদৱৰ দেহত ধৰা পৰে COVID-19। দুয়োগৰাকী আৰক্ষী বিষয়া "পিঞ্জৰা ভঙা" গোছৰটোৰ অনুসন্ধান কৰি আছিল ।

দিল্লীত দুই জ্যেষ্ঠ আৰক্ষীৰ দেহত ধৰা পৰিল COVID-19
দিল্লীত দুই জ্যেষ্ঠ আৰক্ষীৰ দেহত ধৰা পৰিল COVID-19

নিউজ ডেস্ক, 1 জুনঃ দিল্লী আৰক্ষীৰ দুগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ দেহত সোমবাৰে ধৰা পৰে COVID-19 । বিগত দুমাহত ৰাজ্যখনত 150 গৰাকী আৰক্ষীৰ দেহত এই মহামাৰী ধৰা পৰিছে ।

সোমবাৰে COVID-19 ধৰা পৰা জ্যেষ্ঠ আৰক্ষী দুগৰাকী হ'ল কেন্দ্ৰীয় দিল্লীৰ অতিৰিক্ত আৰক্ষী উপ আৰক্ষী আয়ুক্ত চিকেণ্ডৰ আৰু অপৰাধ শাখাৰ পৰিদৰ্শক কুলদ্বীৰ যাদৱ। দুয়োগৰাকীকে চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে, কৰ'ণা ভাইৰাছত আক্ৰান্ত অধিকাংশ আৰক্ষীয়েই ছেন্টেল দিল্লী জিলাৰ অন্তৰ্গত । উল্লেখ্য যে,দুয়োগৰাকী আৰক্ষী বিষয়া "পিঞ্জৰা ভঙা" গোছৰটোৰ অনুসন্ধান কৰি আছিল ।

লগতে চাওকঃ নগাঁৱত ৩৯ জনলৈ বৃদ্ধি কৰ'ণাত আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details