নেচনেল ডেস্ক,21 ডিচেম্বৰ:কেন্দ্ৰীয় চৰকাৰক তিনি নতুন কৃষি আইন বাতিলৰ দাবীৰে দিল্লীৰ সীমাত অৱস্থান কৰি কৃষকে চলাই যোৱা বিদ্ৰোহ অব্যাহত আছে ৷ কৃষকৰ এই বিদ্ৰোহে ইতিমধ্যে 25 দিন পাৰ কৰিছে কিন্তু এতিয়াও কৃষক আৰু চৰকাৰ এক পাৰস্পৰিক বুজাপৰাৰ মাধ্যমেৰে কোনো পূৰ্ণ সিদ্ধান্তত উপনীত হ'ব পৰা নাই ৷
কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ এই অচলাৱস্থা অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিবাদী কৃষক সকলক কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে লগ কৰাৰ সম্ভাৱনাৰ বিষয়ে সদৰী কৰে ৷ দেওবাৰে এই কথা সদৰী কৰি শ্বাহে কয় যে দুই এদিনৰ ভিতৰতে প্ৰতিবাদী কৃষক সংগঠন সমূহক টোমৰে লগ কৰাৰ সম্ভাৱনা আছে ৷