নিউজ ডেস্ক, ৮ এপ্ৰীলঃ মাক্কাল নিধি মাইয়াম প্ৰমুখ কামাল হাচানে সোমবাৰে আয়কৰ বিভাগে চলাই থকা তালাচীক সমৰ্থন কৰে । আয়কৰ বিভাগে যোৱা সপ্তাহৰ পৰা দেশৰ বিভিন্ন ঠাইত তালাচী অভিযান আৰম্ভ কৰিছে । নেতা গৰাকীয়ে এই তালাচী অভিযানক এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ভাল পদক্ষেপ বুলি অভিহিত কৰে । তেওঁ লগতে ইয়াকো কয় যে এই তালাচী অভিযান সকলোৰে বাবে কোনো ৰাজনৈতিক দলৰ ভেদাভেদ নোহোৱাকৈ চলিব লাগে । ৰাইজৰ ধন আত্মসাৎ কৰা সকলক শাস্তি দিয়াটো প্ৰয়োজন বুলিও তেওঁ কয় । তেওঁৰ দল মাক্কাল নিধি মাইয়াম(এম এন এম)ৰ ২০২৪ চনৰ নিৰ্বাচনী ইস্তাহাৰ 'কোভায় ২০২৪' মুকলি কৰি তেওঁ এই কথা কয় । কংগ্ৰেছ আৰু তেলেগু দেশম পাৰ্টিৰ বিভিন্ন নেতাৰ ঘৰত বিগত সপ্তাহৰ পৰা তালাচী অভিযান চলায় আছে আয়কৰ বিভাগে ।
ৰাইজৰ ধন আত্মসাৎ কৰা সকলক শাস্তি দিয়া উচিতঃ কামাল হাচান
কংগ্ৰেছ আৰু তেলেগু দেশম পাৰ্টীৰ নেতাৰ ঘৰত বিগত সপ্তাহৰ পৰা তালাচী অভিযান চলায় আছে আয়কৰ বিভাগে
ৰাইজৰ ধন আত্মসাৎ কৰা সকলক শাস্তি দিয়া উচিত : কামাল হাচান
ইপিনে এই তালাচী অভিযানক তীব্ৰ ভাষাৰে গৰিহণা দিছে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে । তেওঁৰ মতে এই তালাচী অভিযান নিৰ্বাচনী অভিযানক অচল কৰিবলৈ চৰকাৰৰ এক কৌশল বুলি অভিহিত কৰে ।