অসম

assam

By

Published : Dec 30, 2019, 7:42 PM IST

ETV Bharat / bharat

স্তব্ধ হিমাচলৰ লাহোল স্পীতিৰ জনজীৱন, -30 ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা

লাহোল ঘাটীত নিশাJৰ ভাগত তাপমাত্ৰা -30 ডিগ্ৰীলৈ হ্ৰাস পোৱাৰ বিপৰীতে উপমণ্ডল কাজাত দিনৰ ভাগত -18 ডিগ্ৰী হ্ৰাস পোৱাত স্থানীয় বাসিন্দাৰ কৰ্মক্ষেত্ৰৰ লগতে খাদ্য যোগানতো প্ৰভাৱ পৰিছে ৷

লাহোল স্পীতি
স্তব্ধ হিমাচলৰ লাহোল স্পীতিৰ জনজীৱন, -30 ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা

নিউজ ডেস্ক, 30 ডিচেম্বৰঃ হিমাচলৰ প্ৰদেশৰ লাহোল স্পীতিত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন ৷ তাপমাত্ৰা -30 ডিগ্ৰীলৈ হ্ৰাস পোৱাত লাহোলবাসীয়ে সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ৷ প্ৰচণ্ড ঠাণ্ডাৰ প্ৰকোপৰ বাবেই নদী আৰু জলপ্ৰপাতৰ পানী বৰফলৈ ৰূপান্তৰ হৈছে ৷

স্তব্ধ হিমাচলৰ লাহোল স্পীতিৰ জনজীৱন, -30 ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা

উল্লেখ্য যে, লাহোল ঘাটীত নিশাৰ ভাগত তাপমাত্ৰা -30 ডিগ্ৰীলৈ হ্ৰাস পোৱাৰ বিপৰীতে উপমণ্ডল কাজাত দিনৰ ভাগত -18 ডিগ্ৰী হ্ৰাস পোৱাত স্থানীয় বাসিন্দাৰ কৰ্মক্ষেত্ৰৰ লগতে খাদ্য যোগানতো প্ৰভাৱ পৰিছে ৷

স্তব্ধ হিমাচলৰ লাহোল স্পীতিৰ জনজীৱন, -30 ডিগ্ৰীলৈ হ্ৰাস তাপমাত্ৰা

আনহাতে, -30 ডিগ্ৰীলৈ তাপমাত্ৰা হ্ৰাস পোৱা বাবেই সকলো প্ৰকাৰৰ পানী বৰফলৈ জমা হৈছে ৷ যাৰ বাবে অঞ্চলবাসীয়ে বৰফ গলাই পানী ব্যৱহাৰযোগ্য কৰি তুলিছে ৷ বতৰ বিভাগ জনোৱা অনুসৰি, আগন্তুক দিনত লাহোল স্পীতিত ধাৰাবাহিক বৰষুণৰ লগতে তুষাৰপাত পৰাৰ সম্ভৱনা থকা বুলি মন্তব্য কৰে ৷

আৰু পঢ়কঃ জেপি চৰকাৰক সৰ্বত্ৰে বহিষ্কাৰৰ আহ্বান মমতা বেনাৰ্জীৰ

ABOUT THE AUTHOR

...view details