অসম

assam

ETV Bharat / bharat

বিহাৰ নিৰ্বাচন: ২য় পৰ্যায়ত ভাগ্য নিৰ্ণয় হ'ব তেজস্বী,নীতিশ চৰকাৰৰ ৪গৰাকী মন্ত্ৰীৰ

ৰাষ্ট্ৰীয় জনতা দল তথা বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱে আক্ৰমণাত্মকভাৱে নীতিশ কুমাৰ চৰকাৰক গাদীচ্যুত কৰিবলৈ কঁকালত টঙালি বান্ধিছে। বৈশালীৰ মহুৱাৰ পৰিৱৰ্তে এইবাৰ সমস্তিপুৰ জিলাৰ হাছানপুৰত বিজয় ধ্বজা উৰুৱাবলৈ মন মেলিছে তেজস্বী যাদৱৰ ভাতৃ তেজ প্ৰতাপ যাদৱে।

বিহাৰ নিৰ্বাচন: ২য় পৰ্যায়ত ভাগ্য নিৰ্ণয় হ'ব তেজস্বী, নীতিশ চৰকাৰৰ ৪গৰাকী মন্ত্ৰীৰ
বিহাৰ নিৰ্বাচন: ২য় পৰ্যায়ত ভাগ্য নিৰ্ণয় হ'ব তেজস্বী, নীতিশ চৰকাৰৰ ৪গৰাকী মন্ত্ৰীৰ

By

Published : Nov 2, 2020, 1:42 PM IST

নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ: বিহাৰ বিধানসভা নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভিতৰত দ্বিতীয় পৰ্যায় আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ২.৮৫ কোটিৰো অধিক ভোটাৰে মঙলবাৰে ভাগ্য নিৰ্ণয় কৰিব ১,৫০০গৰাকী প্ৰাৰ্থীৰ। ৯৪টা বিধানসভা সমষ্টিত অহা ৩ নৱেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

প্ৰাৰ্থীসকলৰ ভিতৰত ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱে বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নামিছে। নীতিশ কুমাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৩১ বছৰীয়া নেতাগৰাকীয়ে বৈশালী জিলাৰ ৰাঘোপুৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনাইছে। ৰঘোপুৰত এতিয়া বি জে পিৰ ভৰসা সতীশ কুমাৰ। ২০১০ত ৰাবৰী দেৱীক পৰাস্ত কৰাৰ দৰে এইবাৰো সতীশ কুমাৰে ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী বি জে পি।

তেজস্বী যাদৱৰ ভাতৃ তেজ প্ৰতাপ যাদৱে বৈশালীৰ মহুৱাৰ পৰিৱৰ্তে এইবাৰ সমস্তিপুৰ জিলাৰ হাছানপুৰত খোপনি পুতিবলৈ স্থিৰ কৰিছে। ৰাষ্ট্ৰীয় জনতা দলৰ মতে ৰাজধানী পাটনাৰ ৪টা বিধানসভা সমষ্টি পাটনা চাহিব,কুম্হৰাৰ,বাংকীপুৰ আৰু দীঘাতো দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই আটাইকেইটা সমষ্টি বৰ্তমান বি জে পিৰ দখলত আছে।

ৰাজ্য মন্ত্ৰী নন্দ কিশোৰ যাদৱে ধাৰাবাহিকভাৱে সপ্তম বাৰৰ বাবে পাটনা চাহিবৰ গাদী দখল কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। বাংকীপুৰত বিধায়ক নীতিন নবীনক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছৰ প্ৰাৰ্থী তথা শত্ৰুঘ্ন সিন্হাৰ পুত্ৰ লৱ সিন্হাই। লৱ সিনহা দুবাৰ স্থানীয় সাংসদ হিচাপে নিৰ্বাচিত হৈছে আৰু বি জে পি ত্যাগৰ পিছত পুনৰ এইবাৰ ৰাজনীতিৰ পথাৰত ভৰি থৈছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ মন্ত্ৰীসভাৰ মন্ত্ৰী অৰুণ সিন্হাই দীঘা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

আন দুজন মন্ত্ৰী ৰাম সেৱক সিং আৰু ৰাণা প্ৰতাপ ক্ৰমান্বয়ে গোপালগঞ্জ আৰু পূৱ চংপাৰণ জিলাৰ হথুৱা আৰু মধুবনৰ পৰা ভাগ্য নিৰ্ণয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। ৯৪ খন আসন বাবে নিৰ্বাচনী ৰণত নামিছে ১৫,০০গৰাকী প্ৰাৰ্থী আু ইয়াৰ ভিতৰত ১০ শতাংশ মহিলা। ২.৮৫ কোটি ভোটাৰৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ১.৩৬ কোটি। মহাৰাজগঞ্জ ২৭ গৰাকী প্ৰাৰ্থীৰে আটাইতকৈ বেছি প্ৰাৰ্থী থকা সমষ্টি হিচাপে পৰিগণিত হৈছে।

আনহাতে, দ'ৰ'লীত আছে মাত্ৰ ৪ গৰাকী প্ৰাৰ্থী। মুখ্য দলসমূহৰ ভিতৰত ৯৪ টা বিধানসভা সমষ্টিৰ ভিতৰত ৫৬ খন আসনৰ বাবে ৰাষ্ট্ৰীয় জনতা দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। সহযোগী কংগ্ৰেছ দলে ২৪ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিছে। চি পি আই, চি পি আই (এম) মিত্ৰশক্তিত সংযুক্ত হৈছে। প্ৰত্যেকেই ৪ খনকৈ আসনৰ বাবে নিৰ্বাচনী যুঁজত নামিছে।

৪৬ খন আসনৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে বি জে পিৰ প্ৰাৰ্থীসকলে আৰু ৪৩ খন আসনৰ বাবে প্ৰক্ষেপ কৰা হৈছে জনতা দলৰ প্ৰাৰ্থী। এল জে পিয়ে এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থীসহ মুঠ ৫২ গৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছে। নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি মুঠ ৪১,৩৬২টা কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ'ব।

লগতে পঢ়ক:পঞ্জাৱ আৰু ছত্তিশগড়ৰ পিচত ৰাজস্থানতো উত্থাপন কৃষি আইন বিৰোধী বিধেয়ক

ABOUT THE AUTHOR

...view details