নতুন দিল্লী, 17 মাৰ্চ : দুদিনীয়া ভ্ৰমণসূচীৰে মালদ্বীপলৈ ৰাওনা হৈছে বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ৷ মালদ্বীপৰ বৈদেশিক মন্ত্ৰী আব্দুলা চাহিদৰ আমন্ত্ৰণ মৰ্মে ভাৰত মালদ্বীপৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ বাবে দেশখনত উপস্থিত হ'ব বৈদেশিক মন্ত্ৰীগৰাকী৷
মালদ্বীপলৈ ৰাওনা বৈদেশিক মন্ত্ৰী - সুষমা স্বৰাজ
দুদিনীয়া ভ্ৰমণসূচীৰে দেশখনত উপস্থিত হ'ব সুষমা স্বৰাজ
এই ভ্ৰমণত সুষমা স্বৰাজক সংগ প্ৰদান কৰিব ভাৰতৰ বৈদেশিক সচিব বিজয় গোখালে৷ আব্দুলা চাহিদৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ উপৰিও দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদিৰ সৈতে আলোচনাত মিলিত হ'ব সুষমা স্বৰাজ৷ বাণিজ্য, প্ৰতিৰক্ষা,স্বাস্থ্য,অৰ্থনীতি ইত্যাদি বিভিন্ন আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে দপ্তৰসমূহৰ দায়িত্বত থকা মন্ত্ৰীসকলৰ লগত প্ৰতিনিধিত্বমূলক আলোচনাতো বহিব ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকী৷ 18 মাৰ্চত মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহকো সাক্ষাত কৰিব সুষমা স্বৰাজে৷