নিউজ ডেস্ক, ২০ এপ্ৰিলঃ সোমবাৰে প্ৰায় ৭০০ জন সেনা বাহিনীৰ এখন বিশেষ ৰে'ল উপস্থিত হয় জম্মু চহৰত । মহামাৰী কৰ'ণা ভাইৰাছৰ বাধ্যতামূলক সতর্কতা অবলম্বন কৰাৰ পাচতে সৈন্যসকলক কৰ্তব্যত নিয়োগ কৰা হ'ব বুলি সদৰী কৰে বিষববীয়াই ।
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ প্ৰৱক্তা কৰ্ণেল দেবেন্দ্ৰে আনন্দয়ে কয় যে, প্ৰায় ৭০০ সৈনিকক লৈ যোৱা ৰে'লখনৰ সৈন্যসকলে ইতিমধ্যে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে । যাৰ বাবে ১৭ এপ্ৰিলত বাংগালুৰুৰ পৰা জন্মুলৈ প্ৰেৰণ কৰা হয় সৈন্য বাহিনীক ।