অসম

assam

ETV Bharat / bharat

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম কিছুদিন অনুপস্থিত থাকিব ছোনিয়া, ৰাহুল

বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম কিছুদিন সংসদত অনুপস্থিত থাকিব ছোনিয়া, ৰাহুল ৷ স্বাস্থ্য়জনিত কাৰণত বিদেশলৈ উৰা মাৰিবলগা হৈছে ছোনিয়া ৷ তেওঁৰ সৈতে গৈছে পুত্ৰ ৰাহুল গান্ধী ৷

সংসদৰ বৰ্ষাকালীন অধিৱেশন
ছোনিয়া, ৰাহুল

By

Published : Sep 13, 2020, 6:41 AM IST

নেশ্য়নেল ডেস্ক, 13 ছেপ্তেম্বৰ : 14 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ'বলগা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম কিছুদিন অনুপস্থিত থাকিব কংগ্ৰেছৰ অন্তৱৰ্তীকালিন সভানেত্ৰী ছোনিয়া গান্ধী আৰু পুত্ৰ তথা যুৱ কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ উল্লেখ্য যে, ছোনিয়া গান্ধীয়ে স্বাস্থ্যজনিত কাৰণত ৰাহুল গান্ধীৰ সৈতে বিদেশলৈ উৰা মাৰিব লগা হৈছে ৷

দলীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি, প্ৰায় দুসপ্তাহৰ অন্তত ছোনিয়া গান্ধী দেশলৈ প্ৰত্য়াৱৰ্তন কৰিব ৷ আনহাতে, ৰাহুল গান্ধী কিছুদিনৰ পাচতে দেশলৈ উভতি আহি সংসদৰ অধিৱেশনত অংশগ্ৰহণ কৰিব ৷

ভগ্নী তথা কংগ্ৰেছৰ সাধাৰণ সচিব প্ৰিয়ংকা গান্ধী মাতৃ ছোনিয়াৰ ওচৰত উপস্থিত হোৱাৰ পাচতে ৰাহুল গান্ধী দেশলৈ ঘূৰি আহিব বুলি জানিব পৰা গৈছে ৷

দলৰ সূত্ৰই কয় যে, গান্ধী পৰিয়ালৰ অনুপস্থিতিত জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলে বিভিন্ন বিষয় সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব ৷ সেই সমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে ভাৰত-চীন সীমান্তৰ পৰিস্থিতি, অৰ্থনীতি, ক'ভিড-19 ৰ শেহতীয়া পৰিস্থিতি, NEET আৰু JEE পৰীক্ষা আয়োজন আদি ৷

শুকুৰবাৰে বিদেশলৈ উৰা মৰাৰ পূৰ্বে ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা বিভাগৰ এক সংসদীয় কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰিছিল ৷

ABOUT THE AUTHOR

...view details