ভূৱনেশ্বৰ,11মে': পুৰীৰ জগন্নাথ মন্দিৰত ফেনীৰ প্ৰভাৱ ৷ ঘূৰ্ণীবতাহ ফেনীৰ প্ৰভাৱত মন্দিৰৰ কিছু অংশৰ ক্ষতিসাধন হয় বুলি পুৰাতাত্বিক বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা হয় ৷
পুৰাতাত্বিক বিভাগৰ সঞ্চালক প্ৰধান উষা শৰ্মাই প্ৰকাশ কৰা অনুসৰি ঘূৰ্ণীবতাহ ফেনীৰ প্ৰভাৱত মন্দিৰৰ কিছু অংশৰ প্লাষ্টাৰ খহি পৰে ৷ ইতিমধ্যে মন্দিৰৰ মেৰামতিৰ বাবে এটা দল গঠন কৰা হৈছে ৷ মন্দিৰৰ ৰথ যাত্ৰাৰ পূৰ্বে মেৰামতিৰ কাম কাজ সম্পূৰ্ণ হ'ব বুলি বিভাগটোৰ তৰফৰ পৰা প্ৰকাশ কৰা হয়৷ ক'নাৰ্কৰ সূৰ্য মন্দিৰৰ বাগিছাত ফেনীয়ে যথেষ্ট ক্ষতিসাধন কৰে বুলি সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰে ৷ ঘূৰ্ণীবতাহৰ ফলত সূৰ্য মন্দিৰৰ চৌহদৰ প্ৰায় 210 জোপা গছ উভালি পৰে ৷ ইতিমধ্যে সূৰ্য মন্দিৰ পূৰ্বৰ অৱস্থালৈ উভতাই আনিবলৈ চেষ্টা অব্যাহত ৰখা হৈছে বুলিও পুৰাতাত্বিক বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰে ৷