নেশ্যনেল ডেস্ক,৩১আগষ্ট: ভাৰতৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বাবড়ে আৰু উচ্চতম ন্যায়ালয়ৰ অৱমাননা কৰি অপমানজনক টুইট কৰি দোষী সাব্যস্ত হোৱা জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণক ১টকা জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ উপদেশ হিচাপে কয় যে, 'বাক স্বাধীনতাত বাধা দিব পৰা নাযায়।' জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে এটকাৰ মুদ্ৰা এটাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি মত প্ৰকাশ কৰিছে যে ন্যায়ালয়ৰ আদেশ সন্মানসহকাৰে গ্ৰহণ কৰি তেওঁ জৰিমনা দিবলৈ প্ৰস্তুত।
তেওঁ কয় যে, 'সৰ্বোচ্চ ন্যায়ালয় দুৰ্বল আৰু পীড়িতৰ বাবে আশাৰ অন্তিম দুৱাৰ বুলি মই ইমানদিনে বিশ্বাস কৰিছিলোঁ।' লগতে তেওঁ ন্যায়পালিকাৰ সন্মানত আঘাত হনাৰ উদ্দেশ্যেৰে কেতিয়াও একো মন্তব্য কৰা নাই আৰু তেওঁ মাত্ৰ অভিলেখৰ পৰা বিচলনৰ ওপৰতহে নিজৰ দুখ প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তাগৰাকীৰ পৰা বিনাচৰ্তে ক্ষমা বিচাৰিছিল। ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যায়াধীশ বি আৰ গবই আৰু ন্যায়াধীশ কৃষ্ণ মুৰাৰীয়ে যোৱা ২৫আগষ্টত ক্ষমা খোজাৰ বাবে পুনৰ সুযোগ দিছিল। কিন্তু প্ৰশান্ত ভূষণে নিজৰ স্থিতিত অটল থকা বাবে বিচাৰপীঠে ৰায়দান স্থগিত ৰাখে।