অসম

assam

ETV Bharat / bharat

কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ মৃত্যুত অভিনেতা চেইফ আলী খানৰ শোক প্ৰকাশ

শেহতীয়াকৈ মৃত্যুবৰণ কৰা প্ৰতিষ্ঠিত নৃত্য কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ মৃত্যুত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অভিনেতা চেইফ আলী খানে কয় যে, কৰিঅ'গ্ৰাফাৰ সৰোজ খান অবিহনে বলীউদৰ গীত আধৰুৱা হৈ ৰ'ব । তেওঁ হিন্দী গীতক এক নতুন মাত্ৰ প্ৰদান কৰিছিল । বলীউদৰ বহু কেইটা প্ৰতিষ্ঠিত সংগীতত নৃত্য কৰিঅ'গ্ৰাফাৰ কৰি এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

saroj-khan-never-allowed-to-change-the-step-to-make-it-easier-saif-ali-khan

By

Published : Jul 5, 2020, 5:49 PM IST

নিউজ ডেস্ক, ৫ জুলাই : ২০২০ বৰ্ষত বলীউদৰ বহু কেই গৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ মৃত্যুৰ পিচত শেহতীয়াকৈ মৃত্যু বৰণ কৰা প্ৰতিষ্ঠিত নৃত্য কৰিঅ'গ্ৰাফাৰ সৰোজ খানৰ মৃত্যুত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অভিনেতা চেইফ আলী খানে কয় যে, কৰিঅ'গ্ৰাফাৰ সৰোজ খান অবিহনে বলীউদৰ গীত আধৰুৱা হৈ ৰ'ব । তেওঁ হিন্দী গীতক এক নতুন মাত্ৰ প্ৰদান কৰিছিল । বলীউদৰ বহু কেইটা প্ৰতিষ্ঠিত সংগীতত নৃত্য কৰিঅ'গ্ৰাফাৰ কৰি এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

উল্লেখযোগ্য যে, শুকুৰবাৰে কৰিঅ'গ্ৰাফাৰ গৰাকীয়ে ৭১ বছৰ বয়সত মৃত্যু বৰণ কৰে ।

তিনি বাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হোৱা কৰিঅ'গ্ৰাফাৰ গৰাকীক অভিনেতা খানে বলীউদৰ সৰ্বশেষ্ঠ আৰু মহান কৰিঅ'গ্ৰাফাৰ হিচাপে অভিহিত কৰিছে । লগতে অভিনেতা গৰাকীয়ে তেখেতৰ নিৰ্দেশনাত কাম কৰিবলৈ সৌভাগ্য অৰ্জন কৰা বুলি কোৱাৰ লগতে বলীউদৰ বহু কেইগৰাকী তাৰকাক নিৰ্দেশ প্ৰদান কৰা বুলি উল্লেখ কৰে ।

অভিনেতা গৰাকীয়ে কৰিঅ'গ্ৰাফাৰ গৰাকীৰ লগত প্ৰথম ছবি ১৯৯৩ চনত multi-starrer Parampara ৰ লগত কাম কৰিবলৈ সৌভাগ্য অৰ্জন কৰা বুলি উল্লেখ কৰাৰ লগতে উক্ত বৰ্ষতে Aashik Awara নামৰ এটা সংগীতত কৰিঅ'গ্ৰাফাৰ গৰাকীৰ নিৰ্দেশনাতে জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হয় বুলি উল্লেখ কৰে । লগতে কৰিঅ'গ্ৰাফাৰ গৰাকীয়ে সকলো সময়তে সাহস আৰু প্ৰেৰণা দি আহিছিল বুলি চৈফা আলী খানে উল্লেখ কৰে । যাৰবাবে তেওঁ কৰিঅ'গ্ৰাফাৰ গৰাকীৰ সৈতে কটোৱা বহুতো মধুৰ স্মৃতি ৰোমন্থন কৰা বুলি উল্লেখ কৰে ।

কিছুদিন পূৰ্বে অভিনেতা খানে ১৯৯৪ চনৰ ছুপাৰহিট সংগীত Ole Ole ৰ সংগীত শুনাইছিল বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে, কৰিঅ'গ্ৰাফাৰ গৰাকীয়ে ১৯৭৪ চনৰ “গীতা মেৰা নাম” নামৰ ছবিখনৰ জৰিয়তে কৰিঅ'গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল কিন্তু ১৯৮৭ চনৰ “মিষ্টাৰ ইণ্ডিয়া” ছবিখনৰ জৰিয়তে সফল কৰিঅ'গ্ৰাফাৰ হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । লগতে মাধুৰী দীক্ষিতৰ বহু কেইটা জনপ্ৰিয় সংগীতত নৃত্য কৰিঅ'গ্ৰাফাৰ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল । কৰিঅ'গ্ৰাফাৰ গৰাকীয়ে অন্তিমবাৰৰ বাবে ২০১৯ চনত নৃত্য পৰিচালনা কৰিবলৈ সক্ষম হৈছিল ।

ABOUT THE AUTHOR

...view details