অসম

assam

ETV Bharat / bharat

কোভিড-19 : নিজামুদ্দিনৰ পৰা ঘূৰি অহা অৰুণাচলী ব্যক্তিৰ নমুনা পৰীক্ষা

নিজামুদ্দিনত উপস্থিত এজন অৰুণাচলী লোকৰ নমুনা পৰীক্ষা ৷ ডিব্ৰুগড়লৈ নমুনা পৰীক্ষণৰ বাবে প্ৰেৰণ ৷

কোভিড-19
নিজামুদ্দিনৰ পৰা ঘূৰি অহা অৰুণাচলী ব্যক্তিৰ নমুনা পৰীক্ষা

By

Published : Apr 1, 2020, 11:44 PM IST

নেশ্য়নেল ডেস্ক, 1 এপ্ৰিল : অৰুণাচল প্ৰদেশ চৰকাৰে বুধবাৰে দিল্লীৰ নিজামুদ্দিনৰ তাবলিঘি জামাত ধৰ্মীয় অনুষ্ঠানত উপস্থিত হৈ ধূৰি অহা এজন লোকৰ নমুনা পৰীক্ষণৰ বাবে পঠিয়াইছে ৷

লোহিত জিলাৰ আৰক্ষী অধীক্ষক ৱাংৰী থুংগনে জানিবলৈ দিয়া অনুসৰি, "জিলাৰ চিকিৎসা কৰ্তৃপক্ষই এই লোকজনৰ নমুনা সংগ্ৰহ কৰাৰ লগতে Regional Medical Research Centre (RMRC), ডিব্ৰুগড়লৈ বুধবাৰে প্ৰেৰণ কৰিছে ৷"

উল্লেখ্য যে, দিল্লীৰ নিজামুদ্দিনত 15 মাৰ্চত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰি 18 মাৰ্চৰ দিনা অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ মেডোত উপস্থিত হৈছিল 29 বৰ্ষীয় ব্যক্তিজন ৷

থুংগনে কয়, "তেওঁ 16 মাৰ্চত নিজামুদ্দিন ত্যাগ কৰে আৰু 24 মাৰ্চলৈকে আছুতীয়া কক্ষত বাস কৰি আছিল ৷ 16 দিনৰ পাচতো তেওঁ কোভিড-19 ৰ কোনো লক্ষণ দেখুওৱা নাই ৷"

আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, এই নমুনা পৰীক্ষণৰ ফলাফল বৃহস্পতিবাৰে সন্ধিয়া পোৱা যাব ৷ যদি লোকজন আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা হয় তেন্তে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলকো পৰীক্ষণ চলোৱা হ'ব ৷

"তেওঁ আক্ৰান্ত হলে পৰিয়ালৰো পৰীক্ষণ চলোৱা হ'ব", এই মন্তব্য আৰক্ষী অধীক্ষক ৱাংৰী থুংগনৰ ৷

উল্লেখ্য যে, বৰ্তমানলৈকে অৰুণাচলত এজনো লোক কোভিড-19 ত আক্ৰান্ত হোৱা নাই ৷ বৰ্তমানলৈকে 37 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰে 33 গৰাকীয়ে আক্ৰান্ত নোহোৱাৰ লগতে 4 জনৰ ফলাফল এতিয়ালৈকে লাভ কৰা নাই ৷

আনহাতে, ৰাজ্যখনত 17 জন বৰ্তমানেও আছুতীয়া কক্ষত থকাৰ পৰিৱৰ্তে আন 85 জনে 14 দিনীয়া আছুতীয়া কক্ষৰ সময় সম্পূৰ্ণ কৰিলে ৷

আৰু পঢ়ক : স্ব-প্ৰচাৰৰ কোনো সুযোগ বাদ নিদিয়ে প্ৰধানমন্ত্ৰী মোডীয়ে : চৱন

ABOUT THE AUTHOR

...view details