নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ : যিটো সময়ত পাকিস্তান আৰু চীনে একেলগে ভাৰতৰ বিৰুদ্ধে ঠিয় হ'ব বুলি সন্দেহ কৰা হৈছে তেনে সময়তে ভাৰতীয় বায়ুসেনাই দুয়োখন দেশৰ প্ৰতি কঠোৰ ভাষাৰে প্ৰত্যাহ্বান প্ৰদান কৰিছে ৷ ভাৰতীয় বায়ুসেনাই দুয়োখন দেশলৈ শুকুৰবাৰে তেনে এক ইংগিত ইতিমধ্যেই প্ৰেৰণ কৰিছে ৷
পাকিস্তানলৈ 50 কিলোমিটাৰ দুৰত্বত থকা ভাৰতীয় বায়ুসেনাৰ এটা সীমান্তৱৰ্তী চাউনী আৰু দৌলত বেগ অল্ডিৰ পৰা এই দুৰত্ব হৈছে 80 কিলোমিটাৰ ৷ দুৰত্বৰ কথা এইখিনিতে উল্লেখ কৰাৰ কথাটো হৈছে, বিগত কিছুমাহ ধৰি ভাৰতীয় বায়ুসেনাই এই দুয়োটা ঘাটিলৈ দিনে-ৰাতিয়ে ইয়াৰ আইএল, গ্লোৱমাষ্টাৰ আদি পৰিৱহণকাৰী বিমানসমূহৰ বহুকেইটা উৰণ সম্পন্ন কৰিছে ৷ ইয়াৰ উপৰিও যুঁজাৰু বিমান, যুঁজাৰু হেলিকপ্টাৰ আৰু নিৰীক্ষণকাৰী হেলিকপ্টাৰৰ উৰণো সম্পন্ন কৰিছে বায়ুসেনাই ৷
চীনৰ সৈতে শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ পিচতেই ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানসমূহৰ গতি-বিধি ত্বৰাণ্বিত কৰি তোলা হৈছিল ৷ এনে অৱস্থাত পাকিস্তানে যাতে কোনো ধৰণৰ সংঘাট নকৰে তাৰ বাবেও বায়ুসেনাই নিজৰ গতিবিধি বৃদ্ধি কৰাৰ লগতে পাকিস্তান আৰু চীনৰ ওপৰত সমানে নজৰ ৰাখিছে ৷ ইয়াৰ লগতে বায়ুসেনাই দুয়োটা সীমান্তৰ সুৰক্ষাৰ বাবে দৌলত বেগ অল্ডি তথা লাডাখলৈ নিৰ্দিষ্ট প্ৰয়োজনীয় পৰিমানৰ বাহিনী, ৰেচন আৰু শস্ত্ৰ তথা সীমান্তৱৰ্তী অঞ্চলত থকা সেনাৰ দলৰ বাবে নিৰ্দিষ্ট পৰিমানে ঔষধ-পাতিৰ যোগান সম্পন্ন কৰি তুলিছে ৷
ভাৰতীয় বায়ুসেনাক শেহতীয়াকৈ বহুটো অত্যাধুনিক শক্তিৰে শক্তিশালী কৰি তোলা হৈছে ৷ ইয়াৰ ভিতৰত ৰাফেল যুঁজাৰু বিমান, পৃথিৱী ক্ষেপনাস্ত্ৰৰ নৈশ পৰীক্ষণ তথা অগ্নি ক্ষেপনাস্ত্ৰৰ নৈশ পৰীক্ষণ আৰু চিনুকৰ দ্বাৰা ৰেচন আৰু সৈন্যবাহিনীৰ নিয়মীয়া অনুশীলন অন্যতম ৷ভাৰতীয় বায়ুসেনাৰ যুদ্ধনীতি বৰ্তমানে যথেষ্ট উন্নত আৰু ভাৰতীয় বায়ুসেনাই যিকোনো পৰিস্থিতিতে দিনে-নিশাই নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ সক্ষম বুলিও প্ৰকাশ কৰে ৷
লগতে পঢ়ক :প্ৰতিৰক্ষা উদ্যোগ খণ্ডৰ বাবে ভাৰত-ইজৰাইলৰ মাজত স্থাপন সহকাৰী কৰ্মগোট