নেশ্বনেল ডেস্ক, 17 জুলাই : অৱশেষত সাৰ পালে অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ তথা বলিউদৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ৷ টুইটাৰৰ জৰিয়তে অভিনেত্ৰী গৰাকীয়ে অসমৰ ভয়ংকৰ বান পৰিস্থিতি সম্পৰ্কত মন্তব্য প্ৰকাশ কৰে ৷ টুইটাৰত তেওঁ কয় যে, অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বানৰ খবৰে তেওঁক যথেষ্ট দুখিত কৰিছে ৷ বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে হতাহত হোৱা সকললৈ প্ৰাৰ্থনাও জনাইছে বুলি টুইটাৰৰ জৰিয়তে প্ৰিয়ংকাই মন্তব্য কৰে ৷
সাৰ পালে অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকাই
অসমৰ বান পৰিস্থিতি সম্পৰ্কত টুইটাৰৰ জৰিয়তে দুখ প্ৰকাশ কৰিলে প্ৰিয়ংকা চোপ্ৰাই ৷
সাৰ পালে ব্ৰেণ্ড এম্বেছাদৰ প্ৰিয়ংকাই
উল্লেখ্য যে, অসমৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱা স্বত্তেও ৰাজ্যৰ বান পৰিস্থিতিক লৈ কোনো মন্তব্য প্ৰকাশ নকৰাৰ বাবে চ'ছিয়েল মিডিয়াৰ জৰিয়তে তীব্ৰ বাক্যবাণৰ সন্মুখীন হৈছিল প্ৰিয়ংকা ৷