নিউজ ডেস্ক, 3 জুন : দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাচত মোডীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ ৷ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণৰ স্বাৰ্থত 8 জুনত মালদ্বীপলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ আমন্ত্ৰণ ক্ৰমে দেশখনত উপস্থিত হ'ব ভাৰতৰ প্ৰধামন্ত্ৰীগৰাকী ৷
মোডীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
দুদিনীয়া ভ্ৰমণসূচীৰে 8 জুনত মালদ্বীপলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷
মোডীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ
ইব্ৰাহিম মহম্মদ চলিহৰ অনুৰোধ মৰ্মে মালদ্বীপৰ সংসদত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ মালদ্বীপৰ সংসদৰ 80 জন সদস্যৰ ভোটদানেৰে সন্মত হয় দেশখনৰ সংসদত মোডীৰ ভাষণ সন্দৰ্ভত ৷
মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল্লা যামিনৰ চীনা প্ৰীতিৰ বাবেই ভাৰত আৰু মালদ্বীপৰ মাজত পূৰ্বে নাছিল বন্ধুত্বসুলভ সম্পৰ্ক ৷ কিন্তু ইব্ৰাহিম মহম্মদ চলিহ দেশখনৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱাৰ পাচতেই দ্বিপাক্ষিক সম্পৰ্কৰ উন্নয়ন ঘটিছে দুয়োখন দেশৰে মাজত ৷